নিউজ ডেস্ক- ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন খেলুৱৈ অজিত আগৰকাৰক ভাৰতীয় ক্ৰিকেটৰ পুৰুষ দলৰ নিৰ্বাচক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। কালি অশোক মালহোত্ৰাৰ নেতৃত্বত ক্রিকেট উপদেষ্টা সমিতিৰ সৈতে ভার্চুৱেল সাক্ষাৎকাৰৰ পিছত তেওঁক এই পদত নিযুক্তি প্ৰদান কৰা হয়।

বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনায় যে, “সাক্ষাৎকাৰৰ বাবে উপস্থিত থকা আগৰকাৰ হৈছে একমাত্ৰ প্ৰাৰ্থী। সাক্ষাৎকাৰ ভার্চুৱেল আছিল । কিয়নো তেওঁ বৰ্তমান পৰিয়ালৰ স’তে ছুটী কটাবলৈ বিদেশত আছে।”

উল্লেখ্য যে চেতন শৰ্মাক চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বৰ্খাস্ত কৰাৰ পিছত মুখ্য নির্বাচকৰ পদটো খালী হৈছিল। এক ষ্টিং অপাৰেচনত টি-২০ বিশ্বকাপৰ পৰা ভাৰতীয় টি-২০ দলক অধিনায়কত্ব প্ৰদান কৰি থকা হার্দিক পাণ্ডিয়াই তেওঁৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰা বুলি দাবী কৰা হৈছিল। তাৰ পিছতে বিতৰ্কত জড়িত হৈ পৰি চেতন শৰ্মাই মুখ্য নির্বাচক পদৰ পৰা পদত্যাগ কৰিছিল।

তথ্য অনুসৰি, উত্তৰ মণ্ডলৰ পৰা উক্ত পদত নিযুক্তিৰ বাবে কোনো উল্লেখযোগ্য নাম নাছিল। সেইকাৰণে বিচিচিআয়ে পাঁচটা অঞ্চলৰ প্ৰতিটোৰে পৰা এজনকৈ নিৰ্বাচক নিযুক্ত কৰাৰ বহু পুৰণি পৰম্পৰা ভংগ কৰিছে। আগৰকাৰৰ নিযুক্তিৰ অৰ্থ হ’ব যে পশ্চিম মণ্ডলত দুজন নির্বাচক থাকিব আৰু আনজন হ’ব সলিল আঙ্কোলা আৰু আনসকল হৈছে কেন্দ্ৰীয় মণ্ডলৰ সুব্ৰত বেনাৰ্জী, দক্ষিণৰ এছ শৰথ আৰু পূব মণ্ডলৰ এছ এছ দাস।

লগতে পঢ়ক: ৰাজহুৱা কুঁৱাত কীটনাশক দ্ৰব্য ঢালি থৈ যায় দুৰ্বৃত্তই

উল্লেখ্য যে, প্ৰাক্তন খেলুৱৈ অজিত আগৰকাৰক নিজৰ ক্ৰিকেট কেৰিয়াৰত ২৬ খন টেষ্ট আৰু ৪ খন টি-২০ৰ উপৰি ১৯১ খন এদিনীয়া মেচ খেলিছে। তেওঁ ১৯৯৯, ২০০৩ আৰু ২০০৭ চনৰ এদিনীয়া বিশ্বকাপ দলৰ অংশ আছিল আৰু ২০০৭ চনৰ বিশ্বকাপ টি-২০ বিজয়ী ভাৰতীয় দলৰো সদস্য আছিল। তেওঁৰ লৰ্ডছত এটা টেষ্ট শতক আছে আৰু ২০০৪ চনত অষ্ট্ৰেলিয়াত ভাৰতৰ টেষ্ট বিজয়ত ডাঙৰ ভূমিকা পালন কৰিছিল । এডিলেইডত খেলা উক্ত মেচখনত আগৰকাৰে ছয়টা উইকেট দখল কৰিছিল।

এক প্ৰেছ বিজ্ঞপ্তিৰ পৰা লাভ কৰা তথ্য অনুসৰি ক্ৰিকেট পৰামৰ্শদাতা সমিতিয়ে অজিত আগৰকাৰক জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি পুৰুষ নির্বাচক সমিতিৰ অধ্যক্ষৰ ভূমিকা গ্ৰহণৰ বাবে পৰামৰ্শ দিছিল। মুম্বাইৰ প্ৰাক্তন খেলুৱৈ অজিত আগৰকাৰে এম এছ ধোনীৰ অধিনায়কত্বত ২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ বিজয়ী দলৰ অংশ আছিল।

আনহাতে, বিচিচিআয়ে মুখ্য নির্বাচক প্ৰাক্তন খেলুৱৈ অজিত আগৰকাৰকৰ বাৰ্ষিক দৰমহা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply