নিউজ ডেস্ক – অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২২ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। মুঠ ৯১৩টা পদৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা যোৱা ২৬ মাৰ্চত ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল।

লক্ষণীয় যে অসম লোকসেৱা আয়োগে কালি ঘোষণা কৰা প্ৰাৰম্ভিক পৰীক্ষাৰ ফল অনুসৰি মুঠ ১০,১৪৮জন পৰীক্ষাৰ্থী মূল পৰীক্ষাৰ বাবে উত্তীৰ্ণ হৈছে। প্রণিধানযোগ্য যে এইবাৰৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ৰাজ্যৰ প্ৰায় ৭৪,৩৬৮ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

ফলাফলৰ বাবে ক্লিক কৰক এই লিংক – https://apsc.nic.in/misc_2023/CCPE_2022_26_2022_12042023.pdf

ইফালে, মূল পৰীক্ষা অহা জুন মাহত অনুষ্ঠিত হ’ব বুলি আয়োগৰ তৰফৰ পৰা অৱগত কৰা হৈছে। আনহাতে, মূল পৰীক্ষাৰ বাবে শীঘ্ৰে এডমিট কার্ড প্ৰদান কৰাৰ কথাও আয়োগে সদৰী কৰিছে। লক্ষণীয় যে মূল পৰীক্ষাত মুঠ ৬খন প্রশ্নকাকত থাকিব। প্ৰতিখন কাকতত মুঠ ২৫০ নম্বৰকৈ থাকিব আৰু তিনি ঘণ্টা সময় দিয়া হ’ব। লগতে প্রথম কাকতখন ৰচনা সদৃশ হ’ব আৰু দ্বিতীয় কাকতৰ পৰা ষষ্ঠ কাকত সাধাৰণ জ্ঞানৰ হ’ব বুলি আয়োগৰ কৰ্তৃপক্ষই অৱগত কৰিছে।

অহা ২০ এপ্ৰিলৰ পৰা ৫ মে’ তাৰিখলৈ মূল পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply