নিউজ ডেস্ক- মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে মীন বিভাগ, খাদ্য সুৰক্ষা বিভাগ, ৰহাৰ মীন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে। বহিঃৰাজ্যৰ পৰা অহা মাছত ফৰ্মেলিনৰ অৱস্থিতি বিচাৰি কৰা গৱেষণাৰ অন্তত এই সংবাদমেলৰ আয়োজন কৰা হয়।

খাদ্য সুৰক্ষা বিভাগৰ প্ৰতিনিধি অনুপম কুমাৰ গগৈয়ে সংবাদমেলখনত কয় যে- ৰাজ্যৰ প্ৰতিখন জিলাতেই মাছৰ নমুনা সংগ্ৰহ কৰি ধেমাজিৰ এটা, নগাঁৱৰ দুটা, বিজনীৰ এটা, বৰপেটাৰ ২টা, দৰঙৰ দুটা, ধুবুৰীৰ এটা আৰু বঙাইগাঁৱৰ এটা নমুনাত লাভ কৰা হৈছে ফৰ্মেলিনৰ অৱস্থিতি।

লগতে তেওঁ কয় যে- গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ৮টা নমুনা সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰে এটাও নমুনাত লাভ কৰা হোৱা নাই ফৰ্মেলিনৰ অৱস্থিতি।  কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এটা দলে কৰা গৱেষণাত পোৱা তথ্য খাদ্য সুৰক্ষা বিভাগৰ গৱেষণাৰ সম্পূৰ্ণ বিপৰীত।

বিশ্ববিদ্যালয়খনৰ দলটোৱে গুৱাহাটীৰ বেটকুছিৰ পৰা লোৱা ৭টা নমুনাতেই ফৰ্মেলিনৰ অৱস্থিতি লাভ কৰা হৈছিল। লগতে নগাঁৱৰ পৰাও সংগ্ৰহ কৰা ৩টা নমুনাত আছিল ফৰ্মেলিনৰ অৱস্থিতি। অৱশ্যে খাদ্য সুৰক্ষা বিভাগৰ গৱেষণা পদ্ধতি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা সম্পূৰ্ণ পৃথক বুলি কয়। লগতে জনাই যে ফৰ্মেলিনমুক্ত মাছৰ বাবে ক’ল্ড ষ্টৰেজৰ প্ৰয়োজন আছে অসমত।

ইফালে, ৰহাস্থিত মীন মহাবিদ্যালয়ৰ প্ৰতিবেদন অনুসৰি মহাবিদ্যালয়খনৰ দলটোৱে নগাঁৱৰ ৬খন বজাৰৰ পৰা সংগ্ৰহ কৰিছিল নমুনা। মুঠ ২১টা নমুনা সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰে আটাইকেইটা নমুনাতেই লাভ কৰা হৈছিল ফৰ্মেলিন। মীন বিভাগৰ প্ৰতিনিধিয়ে সংবাদমেলখনত জনাই যে- অসমত উৎপাদিত মৎস্যই ৰাজ্যত মাছৰ চাহিদা পূৰণ কৰিব পাৰে।

তদুপৰি অসমত উৎপাদিত মাছ চুবুৰীয়া ৰাজ্যসমূহলৈও ৰপ্তানি কৰা হয় বুলি কয় মীন বিভাগৰ তৰফৰ পৰা। তাৰপাছতে প্ৰশ্ন কৰা হয় যে- চাহিদা পূৰণ যদি কৰিবই পাৰে তেন্তে ফৰ্মেলিনযুক্ত চালানি মাছৰ আমদানি বন্ধ কৰা হ’ব নে?  এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকি তেওঁ কয় যে- চালানি মাছ ভালদৰে উতলাইহে খাব লাগে। তেতিয়া ফৰ্মেলিনৰ পৰিমান বহু পৰিমানে হ্ৰাস পায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply