নিউজ ডেস্ক : শনিবাৰে শনি মন্দিৰলৈ যোৱাতো প্ৰায় সকলোৰে বাবে এক নিয়ম। শণিবাৰে যিসকল লোকৰ ৰাশিত শনি দোষ আছে তেওঁলোকে শনিবাৰে বিশেষ পূজা আৰু মন্ত্ৰ জপ কৰিব লাগে। যদি আপুনি জীৱনত বহু ধৰণৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে শনিবাৰে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰক। শনি দেৱৰ কৃপাত অতি সোনকালে আপোনাৰ জীৱনত সুখৰ প্ৰৱেশ ঘটিব।

শনিবাৰে কৰিবলগীয়া কেইটামান প্ৰতিকাৰৰ বিষয়ে জানো আহক :

১) যদি আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ সমস্যা চলি আছে বা আপুনি আপোনাৰ কষ্ট অনুযায়ী ফল লাভ কৰিব পৰা নাই তেন্তে এই মন্ত্ৰটো ১০৮ বাৰ জপ কৰক । মন্ত্ৰটো এনেধৰণৰ-‘ॐ स्रां स्रीं स्रौं स: केतवे नम:’।

২) আপোনাৰ বিশেষ ইচ্ছা পূৰণৰ বাবে শনিবাৰে সন্ধিয়া আপোনাৰ দৈৰ্ঘ্যৰ সমান কেঁচা সূতা লওক। এতিয়া সেই সূতাডাল পৰিষ্কাৰ পানীৰে ধুই শনি দেৱক স্মৰণ কৰি নিজৰ ইচ্ছা কওক আৰু সেই সূতাডাল আপোনাৰ মন্দিৰত ৰাখক।

৩) যদি আপোনাৰ শিশুটি অতি চঞ্চল আৰু কৰ্মত ফুৰ্তি প্ৰকাশ কৰে, কামক গুৰুত্বসহকাৰে লোৱা নাই তেন্তে শনিবাৰে শিশুটিৰ হাতেৰ বগা ৰঙৰ কাপোৰ কোনো মন্দিৰ বা ধৰ্মীয় স্থানত দান কৰক।

৪) শনিবাৰে শনি মন্দিৰত শনি দেৱক মিঠাতেল দান কৰক, লগতে চাকি জলাওতে তেলত তিল কেইটামান দি লওক।

৫) যদি আপোনাৰ ঘৰত সদায় কিবা এটা অভাৱ থাকে আৰু আপুনি তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে শনিবাৰে আপোনাৰ ঘৰৰ মন্দিৰত গৰু ঘিউৰ চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক।

গতিকে শনিবাৰে শনি দেৱৰ আশীৰ্বাদ পাবলৈ আপুনি এই বিশেষ ব্যৱস্থাসমূহ অৱলম্বন কৰক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply