মাহেন্দ্ৰ ক্ষণলৈ যেন মৌনই আছিল মহানায়ক ৷ কিন্তু যেতিয়াই সেই ক্ষণ আহিল তেতিয়াই যেন মহাজাগতিক কোনো পৰিঘটনাৰ দৰেই লুছাইল হৈ পৰিল এক শিহৰিত সাক্ষী ৷ তেতিয়া মেচৰ ৬৯ মিনিট ৷ সোঁদিশে বল লৈ আগবাঢ়িছে লিঅ’নেল আন্দ্ৰেছ মেছি ৷ প্ৰথমে পাৰ হ’ল ক্ৰোৱেচিয়াৰ উইংগাৰ মিশ্লাভ অৰ্ছিচক। কিন্তু চেন্ট্ৰেল ডিফেণ্ডাৰ জ’ছক’ ভাৰ্ডিয়লে পিছে পিছে পৰুৱাৰ দৰে লাগি ধৰিছে ৷ যাতে মেছিয়ে টাৰ্ণ লৈ শ্বট বা পাছ ল’ব নোৱাৰে ৷

ভাৰ্ডিয়ল এই বিশ্বকাপৰ শ্ৰেষ্ঠতম ডিফেণ্ডাৰ বুলি বহুতে কৈছে আৰু ক্ৰোৱেচিয়া ছেমিফাইনেলত উপনীত হোৱাৰ অন্যতম কাৰণ ২০ বছৰীয়া ভাৰ্ডিয়লৰ নেতৃত্বত দলটোৰ অনবদ্য ৰক্ষণ ৷ কিন্তু যাৰ নাম লিঅ’নেল মেছি তেওঁৰ বিৰুদ্ধে বহু ডিফেণ্ডাৰে ল’ব লগা হৈছে ফুটবলৰ আদিপাঠ। পিছে পিছে লাগি থকা ভাৰ্ডিয়লক টুইষ্ট আৰু টাৰ্ণেৰে বক্সলৈ টানি টানি লৈ গ’ল মেছিয়ে আৰু নিৰ্দিষ্ট সময়ত বল এৰি দিলে ৰক্ষণৰ সুৰুঙাৰ মাজত সুবিধাজনক পজিচন লোৱা জুলিয়ান আলভাৰেজক ৷ ৫ মিটাৰ দূৰত্বৰপৰা এটা মসৃণ শ্বটেৰে আলভাৰেজে আৰ্জেণ্টিনাৰ তৃতীয়টো গ’ল আৰু ফাইনেলত স্থান নিশ্চিত কৰিলে ৷ ভাৰ্ডিয়লৰ প্ৰতিভা অনন্য ৷ কিন্তু মহানায়কৰ সেই মাহেন্দ্ৰ ক্ষণত কোনো ৰক্ষণৰ বাবে গ’ল ৰখোৱাটো সম্ভৱ নাছিল।

এই গ’লটোৱে কেৱল মেছিৰ সীমাহীন প্ৰতিভাৰ কথাই নকয়, কয় দল হিচাপে আৰ্জেণ্টিনাৰ সামগ্ৰিক চৰিত্ৰক। ধৈৰ্য আৰু সঠিক সময়ৰ অপেক্ষাৰে প্ৰতিপক্ষক পৰ্যুদস্ত কৰা ৷ যিকোনো নক্আউট প্ৰতিযোগিতাত ভুলৰ সুযোগ কম ৷ লীগ প্ৰতিযোগিতাত ভুলৰ শুধৰণিৰ পৰ্যাপ্ত সুযোগ পায় ৷ আৰ্জেণ্টিনাই বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত প্ৰথমেই উজুটি খাইছিল ৷ কিন্তু ছৌদি আৰৱৰ বিৰুদ্ধে সেই অপ্ৰত্যাশিত পৰাজয়ৰ পাছত লাহে লাহে নিজৰ খেল উন্নত কৰিছিল ৷ আমাৰ বোধৰে হঠাতে উত্থান ঘটি শীঘ্ৰে মৰহি যোৱাতকৈ লাহে লাহে পৰ্যায়ক্ৰমে হোৱা উত্থান দীৰ্ঘস্থায়ী হয় ৷ ক্ৰোৱেচিয়াৰ বিৰুদ্ধে ছেমিফাইনেল আছিল আৰ্জেণ্টিনাৰ এই পৰ্যন্ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ অথচ যদি পৰিসংখ্যা চাওঁ বল দখলৰপৰা পৰা পাছলৈ, সকলোতে ক্ৰোৱেচিয়াৰ আধিপত্য ৷ কিন্তু পৰিসংখ্যাই কেতিয়াবা খেলৰ সঠিক আভাস নিদিয়ে আৰু সেই কাৰণেই এই ছেমিফাইনেলৰ ৰণনীতিৰ বিশ্লেষণ অতি গুৰুত্বপূৰ্ণ ৷
আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিৰ এক মাষ্টাৰক্লাছ এয়া ৷ তেওঁ আগতেই জানিছিল যে ক্ৰোৱেচিয়াৰ প্ৰশিক্ষক লাটকো ডেলিচে তেওঁৰ ভাষাত বিশ্বশ্ৰেষ্ঠ মিডফিল্ড ব্যৱহাৰ কৰি খেল নিয়ন্ত্ৰণ কৰিব ৷ তেওঁৰ প্ৰত্যাশিত ৰণনীতি আছিল বলৰ ওপৰত অগাধ দখল থকা লুকা মড্ৰিচ, মেটিঅ’ কোভেচিচ আৰু অক্লান্ত মাৰ্চেলো ব্ৰ’জ’ভিচৰদ্বাৰা বল দখলত ৰখাৰ সময়ত বিপক্ষক বলৰ বাবে হাবাথুৰি খুওৱা আৰু প্ৰত্যাক্ৰমণৰ সুযোগ নোহোৱা কৰা ৷ ব্ৰাজিলৰ বিপক্ষে এই ৰণনীতি সফল হৈছিল ৷ ডেলিচৰ এই ৰণনীতিৰ মোকাবিলা কৰিবলৈ স্কাল’নিয়ে লৈছিল ৪-৪-২ ফৰ্মেচন ৷ চেন্ট্ৰেল ডিফেণ্ডাৰ লিছান্দ্ৰো মাৰ্টিনেজক বাদ দি তেওঁ আনিছিল বলত দখল থকা হ’ল্ডিং মিডফিল্ডাৰ লিয়ান্দ্ৰো পৰেডেছক ৷ ৰড্ৰিগো ডি পল, এনজ’ ফাৰ্ণাণ্ডেজ আৰু এলেক্সিছ মেক এলিষ্টাৰৰ লগত পৰেডেছে ক্ৰোৱেচিয়াৰ মিডফিল্ড ত্ৰিমূৰ্তিৰ বিৰুদ্ধে সংখ্যাগত শক্তি বৃদ্ধি কৰিছিল, ৰক্ষণৰ আগত এখন অতিৰিক্ত দেৱাল সৃষ্টি কৰিছিল আৰু খেলৰ গতি নিজৰ ফালে অনাৰ চেষ্টা চলাইছিল ৷

ক্ৰোৱেচিয়াৰ উদ্দেশ্য আছিল বল দখলত ৰাখি সময়ত উইঙত বল আগবঢ়াই দিয়া ৷ কিন্তু আৰ্জেণ্টিনাৰ ফৰ্মেচনত থকা শিথিলতাৰ বাবে পৰেডেছৰ লগত কেতিয়াবা এলিষ্টাৰ আনকি মেছিয়েও পিছলৈ আহি দুই ফুলবেক নেহুৱেল ম’লিনা আৰু নিকোলাছ টাগলিয়াফাকোক ৰক্ষণত সহায় কৰিছিল ৷ আগত দেখাত অকলশৰে আলভাৰেজ থাকিলেও মিডফিল্ডত সংখ্যাগত এডভান্টেজৰ বাবে মেছিয়েও সময়ত আগত আৰু মাজত বিচৰণ কৰিছিল ৷ এই কৌশলে দুটা কাম কৰিছিল ৷ এক, নিঃসন্দেহে মড্ৰিচৰ নেতৃত্বত ক্ৰোৱেচিয়াই বল দখলত ৰাখি আৰ্জেণ্টিনাক বলৰ বাবে দৌৰিবলৈ সক্ষম হৈছিল, মেছিয়ে প্ৰথম গ’লটোলৈ বিশেষ সুবিধা কৰিব পৰা নাছিল ৷ কিন্তু তেওঁলোকৰ এই খেল কেৱল বল দখলতে সীমাবদ্ধ আছিল ৷ কিয়নো মড্ৰিচ বা কোভেচিচ গ’লৰ বাবে মৌলিক বল যোগান ধৰোঁতা নহয় ৷ দুই, ক্ৰোৱেচিয়াৰ ফৰৱাৰ্ড লাইন ৰক্ষণ বা মিডফিল্ডৰ দৰে মুঠেও বিশ্বমানৰ নোহোৱাত আৰ্জেণ্টিনাৰ গ’ল মূলতঃ সুৰক্ষিত আছিল আৰু ইভান পেৰিছিচহঁতে বল হেৰুওৱাৰ বাবে প্ৰত্যাক্ৰমণ সম্ভৱপৰ হৈছিল ৷
প্ৰথম গ’লটো তেনেকৈয়ে হৈছিল আৰু ৩৪ মিনিটত এটা প্ৰত্যাক্ৰমণত ফাৰ্ণাণ্ডেজৰ থ্ৰু বল ধৰি গ’লমুখী আলভাৰেজক ক্ৰোৱেচিয়াৰ গ’লকীপাৰ লিভাকোভিচে ফাউল কৰা বাবে আৰ্জেণ্টিনাই পেনাল্টী পাইছিল। ৩৯ মিনিটতো একেদৰেই আলভাৰেজে এটা লুজ বল আয়ত্ত কৰি একক প্ৰচেষ্টাৰে দ্বিতীয়টো গ’ল দিছিল । দ্বিতীয়াৰ্ধত ভুলৰ শুধৰণি কৰিবলৈ ডেলিচে মিডফিল্ডৰ ত্ৰিভুজ ভাঙি ব্ৰ’জ’ভিচক আঁতৰাইছিল আৰু আনিছিল দুই উইংগাৰ অৰ্ছিচ আৰু নিকোলা ভ্লাছিচক ৷ তাৰো উত্তৰ স্কাল’নিৰ হাতত আছিল ৷ তেওঁ পৰেডেছৰ সলনি আনিছিল ডিফেণ্ডাৰ লিছান্দ্ৰো মাৰ্টিনেজক যাতে ৰক্ষণত তিনিজনীয়া হয় আৰু ওপৰেৰে হ’ব পৰা আক্ৰমণ ৰোধ হয় ৷ ফলত আৰ্জেণ্টিনা আৰু অধিক সবল হৈছিল ৷ প্ৰত্যাক্ৰমণ বেছি হৈছিল ৷ ক্ৰোৱেচিয়াক অপ্ৰয়োজনীয় ঠাইত নিৰ্বিঘ্নে বল দখলত ৰাখিব দি বল হেৰুওৱাৰ লগে লগে বিধ্বংসী আক্ৰমণ, স্কাল’নিৰ এই ৰণনীতি সফল হৈছিল ৷ আৰু ৬৯ মিনিটত ঘটিছিল সেই অনবদ্য ফুটবলৰ যাদু ৷
ভাৰতৰ অগণন ফুটবলপ্ৰেমীয়ে সেই মুহূৰ্তৰ বাবেইতো ৰাতি টোপনি খতি কৰে ! মন কৰিব যে মেছি আৰু ভাৰ্ডিয়লৰ বয়সৰ ব্যৱধান ১৫ বছৰৰ ৷ এই ডেৰ দশকৰ ব্যৱধানো কিন্তু কালি মেছিৰ বাবে প্ৰাচীৰ হ’ব নোৱাৰিলে ৷ ২০ বছৰীয়া বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ডিফেণ্ডাৰজন মেছিৰ লগত লাগি আছিল ছাঁৰ দৰে ৷ ৬৯ মিনিটৰ সেই মহাজাগতিক মুহূৰ্ততো । যেতিয়া মেছিয়ে সোঁদিশে বল লৈ আগুৱাই গৈছিল তেতিয়া ধাৰণা হোৱা নাছিল যে ভাৰ্ডিয়লক তেওঁ ৱান অন ৱান ল’ব ৷ হয়তো অলপ ট্ৰিকেৰীৰে ঠাই উলিয়াই এটা অপ্ৰত্যাশিত পাছ সতীৰ্থলৈ আগবঢ়াই দিব বুলিয়েই সকলোৱে ভাবিছিল ৷ কিন্তু মেছিৰ মনত আছিল বেলেগ ৷ ৰানটো লৈ ছেকেণ্ডৰ কাৰণে ৰৈ, আকৌ আৰম্ভ কৰি, আকৌ ৰৈ মেছিয়ে ভাৰ্ডিয়লক আঁতৰোৱাৰ যত্ন কৰিছিল প্ৰথমে ৷ বল নিজৰ ভৰিত ৰাখিছিল আঠাৰ দৰে ৷ তথাপি ভাৰ্ডিয়লে পিছ এৰা নাছিল ৷ সেয়ে তেওঁ ফেক্ৰ আশ্ৰয় লৈ বক্সৰ ওচৰত ভাৰ্ডিয়লক এবাৰ আন দিশে ঘূৰাই বক্সৰ ভিতৰত সোমাল ৷ ড্ৰিব্লেৰে তেওঁক পৰাস্ত কৰি এটা স্কোৱেৰ বল আলভাৰেজলৈ ঠেলি দিলে যাৰ গাতে লিখা আছিল গ’ল ৷
দেখাত তেনেই সৰল ৷ কিন্তু অতি উচ্চমানৰ কাৰিকৰী উৎকৰ্ষতা ৷ যেন কমলা ৰঙৰ কোণকেইটা পাৰ হৈ দৈনিক কৰাৰ দৰে অনুশীলনহে চলাইছিল মেছিয়ে ৷ ৩৫ বছৰতো এই স্কিল প্ৰদৰ্শন হয়তো মেছিৰ বাবেই সম্ভৱ ৷ এই অসম্ভৱ যেন লগা কথাবোৰেই এতিয়া যেন সম্ভৱ হোৱাৰ পথত ৷ এসময়ৰ লাজকুৰীয়া ল’ৰাজন এতিয়া খঙাল পুৰুষ ৷ এসময়ত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় সংগীত মুখত নুফুটা ল’ৰাজনে এতিয়া চিঞৰি চিঞৰি গায় ফ্ৰীডম, ফ্ৰীডম, ফ্ৰীডম ! সতীৰ্থৰ বাবে যুদ্ধ কৰে ৷ সতীৰ্থই তেওঁৰ বাবে যুদ্ধ কৰে ৷ একে প্ৰতিভা, কিন্তু এজন পৰিপক্ব মেছি যাৰ নেতৃত্বত আজি ৪ কোটি আৰ্জেন্টাইনে আকৌ সপোন দেখিছে ৷ সপোন ফুলিছে বিশ্বৰ কোটি কোটি মনত ৷ আৰু মাত্ৰ এখন মেচ! তাত জয় কাঢ়ি অনা মানেই বিশ্বৰ সৰ্বকালৰ অন্যতম সৰ্বশ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰিব মহাকাব্যিক পৰিসমাপ্তি ৷ অপেক্ষা মাত্ৰ ১৮ ডিচেম্বৰৰ ৷