মহাকাব্যিক চিনেমাৰ চিত্ৰনাট্য এনেকৈয়ে চাগে লিখা হয়! ঘনে ঘনে দৃশ্যপট সলনি ৷ শ্বাসৰুদ্ধকৰ পৰিস্থিতি ৷ আৰু এক বিস্ফোৰক কিন্তু নান্দনিক পৰিসমাপ্তি৷ লুচেইলত কালি নিশা যি হ’ল সেয়া যেন কোনোবাই পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা চিত্ৰনাট্যইহে পৰিচালনা কৰিলে৷ যিখন ফাইনেল অপ্ৰত্যাশিতভাৱে একপক্ষীয় হ’বলৈ গৈ আছিল, যিখন ফাইনেলে লিঅ’নেল মেছিক অতি সহজে তেওঁৰ বহু আকাংক্ষিত বিশ্বকাপ দিবলৈ গৈ আছিল সেইখনে হঠাতে ল’লে শ্বাসৰুদ্ধকৰ ৰূপ৷ কোটি কোটি দৰ্শকৰ বুকুৰ কঁপনিত কম্পমান ফুটবল গোলকো ৷ এবাৰ যদি এটা শিবিৰত আনন্দৰ বন্যা, পিছমুহূৰ্ত্ততে আনটো শিবিৰত ৷ বেদনাই শেঁতা কৰিছে এটা শিবিৰ, আকৌ মলিন হৈছে সিটো শিবিৰ ৷ টাইব্ৰেকাৰত গ’লকীপাৰ এমিলিয়ানো মাৰ্টিনেজৰ বীৰত্ব আৰু ফৰাচী খেলুৱৈৰ ১৮ য়াৰ্ডত ব্যৰ্থতাই মেচখন শেষ নকৰালৈকে চাগে দুয়ো দলৰ সমৰ্থকৰ বাবে কাটাৰ বিশ্বকাপৰ ফাইনেলখন আছিল তেওঁলোকৰ জীৱনৰ আটাইতকৈ শিহৰণকাৰী সময় ৷
তেওঁলোকে চোৱা সবাতোকৈ ধ্ৰুপদী চিনেমেটিক মহাকাব্য ৷ “অনুগ্ৰহ কৰি ফাইনেলৰ ভিডিঅ’ অস্কাৰলৈ পঠিয়াওঁক, এইখন শ্ৰেষ্ঠ ছবিৰ যোগ্য”- টুইটাৰত কোনোবাই কোৱা কথাষাৰ হয়তো কৌতুক ৷ কিন্তু খেলখন যে কাব্য, নন্দনতত্ব আৰু নৱৰসৰ অপৰূপ সংগম সেয়া সত্য ৷ কিন্তু প্ৰথম মিনিটৰপৰা আৰ্জেণ্টিনাৰ ৩৬ বছৰীয়া বিশ্বকাপৰ খৰাং দূৰ কৰাৰ ভৰপক বাৰিষা যেন হৈ পৰা মেচখনে কিদৰে হঠাতে এই ৰূপ পালে যে ফৰাচী সুৰুয আকৌ উদয় হওঁ হওঁ হ’ল? তাৰ বাবে বিশ্লেষণ কৰিব লাগিব বিশ্বকাপৰ দুই উৰ্বৰ মস্তিষ্ক লিঅ’নেল স্কাল’নি আৰু ডিডিয়েৰ ডেশ্বম্পৰ ৰণনীতিৰ বিষয়ে ৷ যিকোনো ফুটবল প্ৰশিক্ষকৰ বাবে মস্তিষ্কৰ এই অতি উচ্চস্তৰৰ যুঁজ হ’ব পাৰে এক উৎকৃষ্ট শিকনি ৷
প্ৰথম হুইচেল বজাৰপৰাই অনুভৱ হৈছিল এই বিশ্বকাপৰ ট্ৰফী মেছিৰ। ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সে খেদি ফুৰিব লগা হৈছিল ছাঁ ৷ ইয়াৰ মূল কাৰণ আছিল স্কাল’নিৰ মাষ্টাৰক্লাছ, এনহেল ডি মাৰিয়াৰে খেল আৰম্ভ কৰা ৷ আকৌ, ডেশ্বম্পৰ মাষ্টাৰষ্ট্ৰোক, ক’ল’ মুৱানি আৰু মাৰ্কাছ থুৰামক ওছমান ডেম্বেলে আৰু অলিভিয়েৰ জিৰুৰ সলনি ছাবষ্টিটিউট হিচাপে নমোৱা ৷ শেষ মুহূৰ্তত ফ্ৰান্সে বাজী কাঢ়ি নিব খোজোতেই আৰ্জেণ্টিনাৰ দেৱদূতৰ আত্মপ্ৰকাশ- এমিলিয়ানো মাৰ্টিনেজ ৷ আচলতে আৰ্জেণ্টিনা অথবা মেছিক ৰোধৰ কোনো উত্তৰ ডেশ্বম্পৰ হাতত নাছিল ৷ ডি মাৰিয়াক নমায়ে স্কাল’নিয়ে ফ্ৰান্সৰ ফৰ্মেচন আৰু শ্বেপত কঁপনি তুলিছিল আৰু শেষত ভাঙি পৰিছিল। কিলিয়ান এমবাপ্পে থকা ফ্ৰান্সৰ ঘাতক বাঁওদিশ কিদৰে আৰ্জেণ্টিনাই চম্ভালিব তাক লৈ বিশ্ব ব্যস্ত হৈ থকাৰ সময়ত ফ্ৰান্সক স্কাল’নিয়ে বাধ্য কৰিছিল তেওঁলোকৰ সোঁদিশ কিদৰে সুৰক্ষিত ৰাখিব তাত ব্যস্ত হ’বলৈ।
ডি মাৰিয়াৰ গতি আৰু ট্ৰিকেৰীয়ে ব্যতিব্যস্ত কৰি ৰখা ৰাইট উইংগাৰ ডেম্বেলে আৰু নিষ্প্ৰভ ষ্ট্ৰাইকাৰ অলিভিয়েৰ জিৰুৰ সলনি ডেশ্বম্পে প্ৰথমাৰ্ধৰ শেষত নমাইছিল মুৱানি আৰু থুৰামক। ই তাৎক্ষণিক সুফল দিয়া নাছিল ৷ কিন্তু শেহত ইয়েই ফ্ৰান্সক এখন ইতিমধ্যে হাৰি যোৱা ফাইনেল জয়ৰ দিশে অগ্ৰসৰ কৰোৱাইছিল । আচলতে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক স্কাল’নিয়ে দললৈ উভতা ডি মাৰিয়াক লৈ লোৱা ৰণনীতিয়েই প্ৰথমে বাজীমাৎ কৰিছিল ৷ এই ৰণনীতিয়ে আচলতে কাটাৰ বিশ্বকাপত দেশখনৰ সামগ্ৰিক পৰিস্থিতিসাপেক্ষ ৰণনীতিৰ কাৰ্যকৰিতা প্ৰকট কৰে ৷ এই নিৰ্দিষ্ট ফলাফল নিৰ্ভৰ ব্যৱস্থায়ে আৰ্জেণ্টিনাৰ প্ৰতিজন খেলুৱৈক বিশ্ৰামহীন খেল আৰু ত্যাগেৰে মেছিক তেওঁৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ সুযোগ দিছিল। ডি মাৰিয়া আঘাতৰ বাবে অনুপস্থিত থকা অৱস্থাতো স্কাল’নিয়ে প্ৰতিপক্ষৰ শক্তি আৰু দুৰ্বলতা অনুসৰি দল সজাই সফলতা পাইছিল । ইয়াৰ বাবে তেওঁৰ ব্যৱস্থাত আছিল ৰণকৌশলগত শিথিলতা ৷ ডি মাৰিয়াই নিজৰ কেৰিয়াৰ গঢ়িছে সোঁদিশে ৰক্ষণ ফালি ৷ কালি তেওঁক ৰখা হৈছিল বাওঁদিশে ৷
এয়াই আছিল স্কাল’নিৰ মাষ্টাৰষ্ট্ৰোক । বাওঁদিশে নামি ডি মাৰিয়াৰ আৰ্জেণ্টিনাৰ আক্ৰমণক এনেকুৱা প্ৰস্থ দিলে যে ফ্ৰান্সৰ সোঁদিশ ছেদেলিভেদেলি হৈ গ’ল। বাঁওফালে এমবাপ্পেৰ জৰিয়তে আক্ৰমণৰ সপোন দেখি থাকোঁতেই ফ্ৰান্সৰ ৰক্ষণ আৰু মিডফিল্ড ব্যস্ত হ’ব লগা হ’ল সোঁদিশ বচোৱাত। ফলত বাওঁদিশে এমবাপ্পে আৰু ফ্ৰান্সৰ আক্ৰমণৰ সম্ভাৱনাই নোহোৱা হ’ল। কিন্তু আমাৰ বাবে ৰৈ আছিল যেন ফৰাচী বিপ্লৱৰ আন এক প্ৰহৰ, শেহৰ ১০ মিনিট ৷ মুৱানি আৰু থুৰামে শেহৰ ফালে উইঙত নিজৰ পোনপটীয়া খেল আৰু গতিৰে ডি মাৰিয়াৰ চোক কমাবলৈ সক্ষম হৈছিল ৷ ডি মাৰিয়াক আঁতৰাই নি স্কাল’নিয়ে আন এক ভুল কৰিছিল যি আৰ্জেণ্টিনাৰ আক্ৰমণৰ গতি আৰু গাঁথনি দুৰ্বল কৰিছিল ৷ আকৌ ফ্ৰান্সৰ প্লেয়াৰ অব্ দ্য টুৰ্নামেণ্ট অন্টোৱান গ্ৰীজমেনক নমাই কিংছলী কোমানক আনি আন এক বাজী ধৰিছিল ডেশ্বম্পে ৷ সেয়া সফল হৈছিল যেতিয়া সোঁদিশে মেছিৰপৰা বল কাঢ়ি তেওঁ ফ্ৰান্সৰ দ্বিতীয় গ’লটো সজাই দিবলৈ সক্ষম হৈছিল।
তাৰ লগতে আন এক পৰিৱৰ্ত খেলুৱৈ মিডফিল্ডাৰ এডুৱাৰ্ডো কামাভিংগাই বাওঁদিশে দখল কৰিবলৈ সক্ষম হৈছিল ৰড্ৰিগো ডি পলে আৰ্জেণ্টিনাৰ হৈ দখল কৰি থোৱা স্পেচবোৰ। ডি পলে বাঁওদিশে ডি মাৰিয়াক আক্ৰমণৰ পৰ্যাপ্ত সুযোগ দিবলৈ সেই স্থান দখলত ৰাখিছিল । লগতে ৰেবিঅ’ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি মিডফিল্ডত ভাৰসাম্য বজাই ৰাখিছিল । আনকি বাওঁদিশে ফুলবেক থিঅ’ হাৰ্ণাণ্ডেজক আগুৱাই যোৱাত বাধা দিছিল ৷ ৰাইটবেক নেহুৱেল ম’লিনা আগুৱাই গ’লে এমবাপ্পেই সেই সুৰুঙা ল’ব পাৰে বুলি ডি পলে তাতো এমবাপ্পেক বাধা দিছিল ৷ গতিকে ডি পলৰপৰা সেই স্থান দখল কৰি কামাভিংগাই ফ্ৰান্সৰ বাবে আন এক এডভান্টেজ আনিছিল ৷ অতিৰিক্ত সময়ত ১০৮ মিনিটত মেছিয়ে অগ্ৰগতি দিয়াৰ পাছত যেতিয়া মেচ আৰ্জেণ্টিনাৰ হাতলৈ গ’ল বুলি যেতিয়া প্ৰায় নিশ্চিত হৈছিল তেতিয়া ফ্ৰান্সে সেই নিৰন্তৰ আক্ৰমণৰ বাবেই লাভ কৰিছিল পেনাল্টী আৰু দ্বিতীয়বাৰলৈ সমতা স্থাপন । তাৰ পাছত আহিছিল এমিলিয়ানো মাৰ্টিনেজ আৰু তেওঁৰ দেৱাল ৷ মুৱানিৰ শ্বট ৱান অন ৱান ছেভ কৰি মাৰ্টিনেজে যেন মেছিক ইংগিত দিছিল- বিশ্বকাপ তোমাৰেই বন্ধু৷
তাৰ পাছত টাইব্ৰেকাৰ, য’ত প্ৰতিভাতকৈ মনোবল হয় বেছি দৰকাৰী ৷ আৰ্জেণ্টিনাৰ প্ৰতিগৰাকী খেলুৱৈৰ চকু আৰু দেহৰ ভাষাত সেই মনোবল আছিল ৷ এমবাপ্পেই প্ৰথম শ্বটটো কাৰ্যকৰী কৰাৰ পাছত যেতিয়া মেছিয়ে শ্বট ল’বলৈ আহিছিল, তেতিয়া তেওঁৰ কান্ধত আছিল ৪ কোটি আৰ্জেন্টাইনৰ আশাৰ ভৰ ৷ কিন্তু তেওঁৰ চকুত নাছিল কোনো দ্বিধা ৷ নেদাৰলেণ্ডৰ বিৰুদ্ধে যি শীতলতাৰে তেওঁ বল নেটলৈ ঠেলিছিল সেই একেই শীতলতাৰে তেওঁৰ ভৰিৰপৰা নেটলৈ গৈছিল ৷ গতি ধীৰ, লক্ষ্য নিৰ্ভুল ৷ বিশ্বকাপ তেতিয়াও নিশ্চিত হোৱা নাছিল ৷ কিন্তু আৰ্জেণ্টিনাৰ শিবিৰত তগবগাই উঠিছিল বসন্ত ৷ জ্বলি উঠিছিল এটুকুৰা নক্ষত্ৰ- এমিলিয়ানো মাৰ্টিনেজ । অলপ জেদী, অলপ খেয়ালী ৷ কিন্তু ১২৩ মিনিটত মুৱানিক ব্যৰ্থ কৰি তেওঁ ইংগিত দিছিল, এমবাপ্পে সফল হ’লেও ফ্ৰান্স নহয় । বিশ্বকাপ মেছিৰে। আৰ্জেণ্টিনাৰে ৷
কোমানৰ শ্বট ৰোধ কৰি তেওঁ মেছিৰে সপোনৰ দূৰত্ব কমাই আনিছিল ৷ তাৰ পাছত যি হ’ল সেয়া ইতিহাস ৷ গঞ্জালো মন্টিয়েলে যেতিয়া শেহৰটো শ্বট কাৰ্যকৰী কৰি এই মহাকাব্যৰ পৰিসমাপ্তি ঘটালে তেতিয়া মেছিৰ মহানায়কৰ মৰ্যাদাই চিৰস্থায়ী হোৱা নাছিল । হৈছিল এটা যুঁজাৰু দলৰ গৰিমা ৷ লুচেইলত ছৌদি আৰৱে দিয়া বেদনা নেওচি লুচেইলতে বিশ্বকাপ তুলি লৈ মেছিয়ে, আৰ্জেণ্টিনাই প্ৰমাণ কৰিলে- জয়ৰ বাবে পৰাজয়ো কেতিয়াবা জৰুৰী ৷ পৰাজয়ে দিয়া শিক্ষা জৰুৰী ৷ লুছেইলৰ নায়ক মাৰ্টিনেজে কেতিয়াবাই কৈছিল, তেওঁলোকে মেছিক বিশ্বকাপ দিবলৈ যুদ্ধত নামিব পাৰে ৷
কাটাৰ বিশ্বকাপৰ ফাইনেল এক মহাকাব্যিক যুদ্ধইতো আছিল ৷ মেছিৰ বাবে, আৰ্জেণ্টিনাৰ বাবে ৷ কিন্তু সৰ্বশেষত জয়ী হ’ল, আৰু অলপ চহকী হ’ল ফুটবল ৷ কাৰণ ফুটবলৰ সৰ্বশ্ৰেষ্ঠ খিতাপ আহিল ফুটবলৰে শ্ৰেষ্ঠতম ধ্ৰুপদী শিল্পীগৰাকীৰ শিৰলৈ ৷ মহাকাব্যৰ অন্তিম অধ্যায়ত মহানায়কৰ জয়তকৈ সুন্দৰ সমাপ্তি কি লাগে!