৬৭ মিনিট ৷ তেতিয়ালৈ একেৰাহে ৩৬টা পাছ খেলা হৈ গৈছে আৰ্জেণ্টিনাৰ ৷ এনজ’ ফাৰ্ণাণ্ডেজৰ ভৰিত বল ৷ তেওঁ আগলৈ চাই বলটো সামান্য হ’ল্ড কৰিলে ৷ উদ্দেশ্য পোলেণ্ডৰ ডিফেণ্ডাৰক নিজৰ দিশে টনা ৷ কাৰণ বক্সৰ ভিতৰত তেতিয়া সুবিধাজনক স্থানত ষ্ট্ৰাইকাৰ জুলিয়াছ আলভাৰেজ ৷ ফাৰ্ণাণ্ডেজে ইতিমধ্যে আলভাৰেজক পহৰা দিব পৰা এজন ডিফেণ্ডাৰক নিজৰ দিশে টানি আনি বলটো এৰি দিলে বক্সৰ ভিতৰলৈ ৷ মুক্ত হৈ পৰা আলভাৰেজে তেওঁৰ লগত লাগি থকা ডিফেণ্ডাৰজনক সামান্য টাৰ্ণেৰে অপ্ৰস্তুত কৰি দ্বিতীয় পোষ্টৰ টপ কৰ্ণাৰলৈ ঠেলি দিলে বল ৷ পোলিশ্ব গ’লকীপাৰ ষ্টেন্সনেৰ বাবে কোনো সুযোগেই নাছিল ৷ দ্বিতীয় গ’ল আৰু ৰাউণ্ড অব্ ছিক্সটিনলৈ গ্ৰুপ চেম্পিয়নৰূপে অগ্ৰসৰ ৷ কিন্তু মাত্ৰ এসপ্তাহ আগত সেই কথা একপ্ৰকাৰ অসম্ভৱ যেন নাছিলনে? ছৌদি আৰৱে আৰ্জেণ্টিনাৰ বিশ্বকাপ জয়ৰ ৩৬ বছৰীয়া সপোনত পাতনিতে যি পানী ঢালিছিল তাৰ পাছত কট্টৰ সমৰ্থকৰো চাগে বিশ্বাস নাছিল ৷

কিন্তু জুয়ে পোৰা সোণহে যেন আছিল আকাশী নীলা আৰু শুধ বগা মনবোৰ ৷ পৰাজয়ৰ জুইত দহি ছাই হ’ব বুলি ভবাসকলে কালি নিশাহে বুজিলে সেয়া সোণহে । জুয়ে ইয়াক নিঃশেষ কৰিব নোৱাৰে ৷ জুয়ে ইয়াৰ জ্যোতিহে বঢ়ায় ৷ কালি নিশা সেই জ্যোতি বিশ্বই দেখিলে ৷ আকৌ এবাৰ অনুভৱ কৰিলে আৰ্জেণ্টিনাক বিশ্বকাপৰ অন্যতম ফেভৰেট কিয় কোৱা হয় ৷ কালিৰ অগ্নিপৰীক্ষাৰ পূৰ্বে প্ৰশিক্ষক লিঅ’নেল স্কাল’নিৰ মূৰৰ কামোৰণি আছিল এটা সুস্থিৰ মূল একাদশ । বিশেষকৈ মিডফিল্ডত ৰড্ৰিগো ডি পলৰ ধাৰাবাহিক ব্যৰ্থতাই তেওঁক চিন্তাত ৰাখিছিল ৷ অৱশ্যে মেক্সিকোৰ বিৰুদ্ধে মেচত তাৰ এটা উত্তৰ তেওঁ পাইছিল ৷ এনজ’ ফাৰ্ণাণ্ডেজ ৷ পৰ্তুগীজ ক্লাব বেনফিকাৰ এই ২১ বছৰীয়া মিডফিল্ডাৰে পৰিৱৰ্ত খেলুৱৈ হিচাপে নামিয়েই কেৱল গ’ল কৰাই নহয়, আৰ্জেণ্টিনাৰ মিডফিল্ডক দিছিল যাৱতীয় স্থিৰতা আৰু সৃষ্টিশীলতা ৷ সেয়ে কালি ফাৰ্ণাণ্ডেজে মূল একাদশত স্থান পোৱাটো একপ্ৰকাৰ নিশ্চিত আছিল । লগতে স্থান পাইছিল আলভাৰেজে ৷

দ্বিতীয় গ’লটোত এই দুয়োজনৰ ভূমিকাই প্ৰমাণ কৰে, নক্আউটৰ বাবে স্কাল’নিৰ সমস্যা সঠিক সময়ত আঁতৰ হৈছে ৷ কালি স্কাল’নিয়ে লৈছিল ৪-৩-৩ ফৰ্মেচন । আক্ৰমণত বাওঁফালে আলভাৰেজ, সোঁদিশে এনহেল ডি মাৰিয়া আৰু মাজত লিঅ’নেল মেছি । মধ্যভাগত মেক এলিষ্টাৰ আৰু ডি পলৰ মাজত ফাৰ্ণাণ্ডেজ ৷ এই ব্যৱস্থাৰ উদ্দেশ্য মেছিক নিজৰ সৃষ্টিশীলতা ব্যৱহাৰ কৰি মাজভাগলৈ পিছুৱাই আহি দলৰ বাবে সুযোগ তৈয়াৰ কৰা, ডি মাৰিয়া আৰু এলিষ্টাৰৰে বুজাবুজিৰে পোলিশ্ব ৰক্ষণ ছেদেলিভেদেলি কৰা আৰু বিপজ্জনক দৌৰেৰে বক্সত সোমাই পৰা । প্ৰথম মিনিটৰপৰাই এই পদ্ধতিয়ে কাম দিছিল। বিশেষকৈ ডি মাৰিয়াই বাৰে বাৰে সোঁদিশেৰে বিপজ্জনক বল উলিয়াই দিছিল ৷ মেছিয়ে এফ চি বাৰ্চিলোনাৰ শ্ৰেষ্ঠতম ফৰ্ম দেখুৱাই দুৰ্দান্ত ড্ৰিব্ল, ক’ন্ট্ৰল আৰু শ্বুটিঙেৰে পোলেণ্ডক গভীৰ ৰক্ষণাত্মক খেলিবলৈ বাধ্য কৰিছিল ৷ আক্ৰমণত পূৰ্ণ সহযোগ কৰি লেফ্টবেক মাৰ্কোজ আক্যুনাই অভাৰলেপেৰে কেইবাবাৰো বক্সত শ্বট লৈছিল ৷ ৰক্ষণত ক্ৰিষ্টিয়ান ৰোমেৰোক নমোৱাটো বহুতে পছন্দ কৰা নাছিল যদিও পোলিশ্ব ফৰৱাৰ্ডৰ দৈহিক উচ্চতাৰ সন্মুখত চাপৰ লিছান্দ্ৰো মাৰ্টিনেজ ব্যৰ্থ হ’ব বুলিয়েই চাগে স্কাল’নিয়ে সুযোগ ল’ব বিচৰা নাছিল । কিন্তু ৰোমেৰোৱে নিজৰ কাম সঠিকমতেই কৰি গৈছিল ৷ তাৰ লগত দুৰ্দান্ত টেক্ল, ইন্টাৰচেপচন আৰু ফৰৱাৰ্ড প্লেৰে আৰ্জেণ্টিনাৰ ভেটি মজবুত কৰিছিল আনজন চেন্ট্ৰেল ডিফেণ্ডাৰ নিকলাছ অটামেণ্ডিয়ে ৷

মুঠৰ ওপৰত লক্ষ্যভেদ নহ’লেও গ’ল অৱশ্যাম্ভাৱী যেন অনুভৱ আহি গৈছিল ৷ সিটো মূৰে অকলশৰীয়া হৈ সঠিক পাছৰ বৃথা অপেক্ষা কৰি আছিল তাৰকা পোলিশ্ব ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেৱানডস্কি ৷ তাৰ মাজতে মেছিয়ে এটা পেনাল্টী লাভ কৰে যিটো আমাৰ দৃষ্টিত কোনোপধ্যেই ন্যায্য নাছিল। তাক কাব্যিক ন্যায় দি মেছিৰ শ্বট প্ৰতিহতও কৰে ষ্টেন্সনেই ৷ কিন্তু এই ব্যৰ্থতাই মেছি বা আৰ্জেণ্টিনা কাকো হতাশ কৰা দেখা নগ’ল ৷ বৰং দ্বিতীয়াৰ্ধত পোলেণ্ডৰ ৰক্ষণ অধিক সতৰ্কহে হ’ব লগা হ’ল । মূলতঃ বিগত দুখন মেচত নিষ্প্ৰভ ৰাইট বেক নেহুৱেল মলিনাই দ্বিতীয়াৰ্ধত অধিক ফৰৱাৰ্ড ৰান ল’বলৈ ধৰে আৰু তেওঁৰ সুন্দৰ ক্ৰছৰ সুবাদতে এলিষ্টাৰে দলক অগ্ৰগতি দিয়ে ৷ বিশ্বকাপত স্পেইনে কোষ্টাৰিকাৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা খেলখন বাদ দি বিপক্ষক সম্পূৰ্ণৰূপে দমন কৰি ৰখা দ্বিতীয়খন মেচ কালি আৰ্জেন্টিনাই খেলিলে ৷ আৰ্জেণ্টিনাৰ শ্বট আছিল মুঠ ২৩টা । তাৰে ১২টা অন টাৰ্গেট ৷ পোলেণ্ডৰ শ্বট চাৰিটা ৷ অন টাৰ্গেট ০ ৷ বল দখলৰ হাৰ আৰ্জেণ্টিনাৰ ৭৪ শতাংশ ৷ পাছ খেলিছে ৮৬৮টা ৷ পাছিং সফলতা ৯২ শতাংশ ৷ সাধাৰণতে হ’ল্ডিং পজিচনত খেলা, কিন্তু কালি আক্ৰমণাত্মক ভূমিকা লোৱা ফাৰ্ণাণ্ডেজৰ পৰিসংখ্যা চমকপ্ৰদ ৷ এটা এছিষ্ট ৷ ৯৪টা পাছৰ ৮৬টা সফল ৷ দুটা সুযোগ সৃষ্টি । দুটাৰ ভিতৰত দুটাই সফল লং বল ৷ ১০০ শতাংশ টেক্ল জয় ৷ ৩বাৰ বল ৰিক’ভাৰী ৷ পাঁচবাৰ দ্বৈত বল দখলৰ যুঁজত পাঁচবাৰেই জয়ী ৷ মিডফিল্ডত সম্পূৰ্ণ দমনীয় প্ৰদৰ্শন ৷

আহোঁ মেছিৰ পৰিসংখ্যালৈ ৷ বিশ্বকাপত দুবাৰ পেনাল্টী মিছ কৰি অনাকাংক্ষিত শিৰোনাম দখল কৰিলেও মেছিৰ অৰিহণা যে যে গ’লতকৈ বেছি তাৰ প্ৰমাণ পৰিসংখ্যা ৷ ৯৮বাৰ বলত স্পৰ্শ ৷ ৫বাৰ গ’লৰ সুযোগ সৃষ্টি । বিশ্বকাপত মুঠ ৬৩টা সুযোগ সৃষ্টি যিটো সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক (প্ৰথম স্থানত ডিয়েগো মাৰাডোনা) ৷ ৭১টাৰ ৬০টা সফল পাছ। ছবাৰৰ চাৰিবাৰ সফল ড্ৰিব্ল ৷ ৭টা শ্বট ৷ চাৰিটা টাৰ্গেটত । বিশ্বকাপৰ এখন মেচত পাঁচবাৰ বা ততোধিক ড্ৰিবল আৰু সুযোগ সৃষ্টি কৰা সবাতোকৈ বয়স্ক খেলুৱৈ হ’লগৈ মেছি ৷ এই ৰেকৰ্ডো মাৰাডোনাৰে আছিল ৷ ৩৫ বছৰ ১৫৯ দিন বয়সত মেছিয়ে দলৰ বাবে, নিজৰ বাবে গঢ়ি থকা অভিলেখে প্ৰমাণ কৰে আৰ্জেণ্টিনাক মেছিৰ সামগ্ৰিক প্ৰদৰ্শনৰ বেছি দৰকাৰ ৷ কিয়নো গ’লৰ দায়িত্ব এতিয়া এৰি দিব পাৰি আলভাৰেজ অথবা এলিষ্টাৰক ৷ হয়তো আৰ্জেণ্টিনাৰ মেছি নিৰ্ভৰশীলতা আঁতৰিছে ৷