নিউজ ডেস্কঃ আই পি এল ২০২৩ ৰ ২২ তম খেলখন মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হৈ আছে। সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি থকা মুহূত্ব শেষ হ’বলৈ গৈ আছে।
ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে আজিৰ খেলখনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত প্ৰথম আত্মপ্ৰকাশ কৰিছে। ইতিমধ্যে ৰোহিত শৰ্মাই তথা মুম্বাই ইণ্ডিয়ানছ দলে দীঘলীয়া অপেক্ষাৰ পিছত খেলৰ কেপ দিছে।
উল্লেখ্য যে, অৰ্জুন তেণ্ডুলকাৰ তিনি বছৰধৰি মুম্বাই ইণ্ডিয়ানছ শিবিৰত জড়িত আছে। ২০২১ চনৰ মেগা নিলামত মুম্বাই ফ্ৰেঞ্চাইজিয়ে তেওঁক ৩০ লাখ টকাত ক্ৰয় কৰিছিল। সকলোৱে আশা কৰিছিল যে, যোৱা চিজনতো তেওঁ আত্মপ্ৰকাশ কৰিব পাৰে বুলি কিন্তু তেওঁ সুযোগ পোৱা নাছিল।
উক্ত আজি খেলখনত ৰোহিত শৰ্মাই খেলি থকা নাই আৰু সূৰ্যকুমাৰ যাদৱে দলটোক নেতৃত্ব দি আছে। লগতে, কিলাকুটিৰ আঘাতৰ বাবে জোফ্ৰা আৰ্চাৰে এই মেচখন খেলি থকা নাই।
অৰ্জুন তেণ্ডুলকাৰৰ প্ৰদৰ্শনৰ ওপৰত এক দৃষ্টি
অৰ্জুন তেণ্ডুলকাৰে এতিয়ালৈকে ৭ খন লিষ্ট এ মেচ আৰু ৯ খন টি-২০ মেচ খেলিছে। লিষ্ট এ-ত, তেওঁৰ ৪.৯৮ ইকনোমিৰ সৈতে 8 টা উইকেট আছে। একে সময়তে, অৰ্জুনে টি-২০ত ১২ টা উইকেট দখল কৰিছে আৰু তাত তেওঁৰ ৬.৬০ আকৰ্ষণীয় ইকনোমি। ৰঞ্জী ফৰ্মেটত বেটেৰে আশ্চৰ্যকৰ কাম কৰি, তেওঁ দেখুৱাইছে যে তেওঁ অনাগত সময়ত এজন ভাল অলৰাউণ্ডাৰ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। প্ৰথম শ্ৰেণীত, অৰ্জুনে ৩.৪২ ৰ ইকনোমিত ১২ টা উইকেট দখল কৰিছে আৰু এটা শতকসহ ২২৩ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহ হৈছে ১২০ ৰাণ।
লগতে পঢ়ক – Miss India 2023 ৰ খিতাপ অৰ্জন ৰাজস্থানৰ নন্দিনী গুপ্তা