নিউজ ডেস্ক: বৃহস্পতিবাৰে জন্মু-কাশ্মীৰৰ কিষ্টাৱাৰ জিলাৰ মাগাৱাহ অঞ্চলত ভাৰতীয় সেনাৰ এখন হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দিনৰ প্ৰায় ১১.১৫ বজাত হেলিকপ্টাৰ খন দুৰ্ঘটনাগ্ৰস্ত হৈ কিষ্টৱাৰ অঞ্চলৰ মৰুৱা নদীৰ পাৰত পৰে।

জানিব পৰামতে হিন্দুস্তান এৰোনেটিকছ লিমিটেডত নিৰ্মিত ধ্ৰুৱ হেলিকপ্টাৰ খন এটা নিয়মীয়া অনুশীলনত আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰখন মাগাৱাহ পৰা কিষ্টৱাৰৰ অভিমুখে গৈ আছিল।

আনহাতে,দুৰ্ঘটনাস্থলীত স্থানীয় কৰ্তৃপক্ষই উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু লগে লগে সেনাৰ উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হয়।

দুজন পাইলট আৰু এজন টেকনিচিয়ান হেলিকপ্টাৰখনত আছিল। আহত তিনিওজন জোৱানক উধামপুৰৰ কমাণ্ড হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে মাত্ৰ সাত মাহৰ ভিতৰত এইটো হৈছে চতুৰ্থখন হেলিকপ্টাৰ দুৰ্ঘটনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply