গুৱাহাটী: সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ আওতাৰ পৰা মুক্ত হ’ব অসমৰ প্ৰায় ৬০ শতাংশ অঞ্চল। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা ঘোষণা কৰে। গৃহ মন্ত্ৰী অমিত শ্বাহে অসম, নাগালেণ্ড আৰু মণিপুৰত আফস্পা অধীনস্থ অশান্ত অঞ্চল হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পিছতে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্য মন্ত্ৰীয়ে এই কথা ঘোষণা কৰে।

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই মুখ্য মন্ত্ৰীয়ে কয় যে অসমৰ কেৱল ৯খন জিলা আৰু ১ মহকুমাক বাদ দি আন সকলো ঠাইৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা হৈছে। ‘৯০ দশকৰ পৰা আফস্পা বলৱৎ হৈ আছে, এই সিদ্ধান্তই অসমৰ ভৱিষ্যতত এক নতুন অধ্যায়ৰ সূচনা কৰিব,’ মুখ্য মন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ তিনিখন ৰাজ্য অসম, নাগালেণ্ড আৰু মণিপুৰত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ পৰিসৰ লাঘৱ কৰাৰ কথা ঘোষণা কৰে। সেই অনুসৰি আজি ৰাতিৰ পৰা বলৱৎ হোৱাকৈ অসমৰ ২৪খন জিলা, নাগালেণ্ড ৭খন আৰু মণিপুৰৰ ৬খন জিলাত আফস্পা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

আফস্পা বাহাল থাকিব লগীয়া অসমৰ জিলা কেইখন হৈছে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। আনহাতে কাছাৰ জিলাৰ লক্ষিপুৰ মহকুমাত উক্ত আইনখন কাৰ্য্যকৰী অৱস্থাত থাকিব।

ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিযুয়ে ইয়াক এক ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰে। উক্ত সিদ্ধান্তই বিজেপি চৰকাৰৰ দায়বদ্ধতাক পুনৰ এবাৰ প্ৰমাণ কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

লগতে পঢ়ক – অসমকে ধৰি উত্তৰ-পূবৰ ৩ ৰাজ্যত হ্ৰাস পাব আফস্পা অধীনস্থ অঞ্চল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply