সোণাৰি: আজি অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱ ‘আলি আঃয়ে লৃগাং’। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি সোণাৰিতো অনুষ্ঠিত কৰা হৈছে ‘আলি আঃয়ে লৃগাং’ৰ কাৰ্যসূচী।

পৰম্পৰাগত ৰীতি-নীতিৰে মিছিং জনগোষ্ঠীৰ লোকসকলে শস্যৰ বীজ সিঁচাৰ পৰ্ব আৰম্ভ কৰে এই দিনটোৰ পৰাই। মিছিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে হৈছে সিঁচিবলৈ আৰম্ভ কৰা।

অৰ্থাৎ আলি আঃয়ে লৃগাং’ৰ অৰ্থ হৈছে শস্য সিঁচাৰ প্ৰথম দিন। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি সোণাৰিতে নিগাজিকৈ বসতি স্থাপন কৰা মিছিং জনগোষ্ঠীয় লোকসকলে আজি উলহ মালহেৰে আয়োজন কৰিছে হেঁপাহৰ উৎসৱটি।

লৃগাঙৰ লগত সংগতি ৰাখি ঐনিতমৰ সুৰত নৃত্য-গীত কৰা লগতে চন্দ্ৰ-সূৰ্য আদি দেৱতাসকলৰ আশীৰ্বাদ বিচাৰে মিছিং জনগোষ্ঠীৰ লোকসকলে।

লগতে পঢ়ক- মহানগৰীৰ জাপৰিগোগত পালন কৰে মিছিং সকলৰ আলি আয়ে লৃগাং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply