শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান: উজনি অসম ভ্ৰমণ কাৰ্যসূচীত অহা অসম বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰী আজি শিৱসাগৰত উপস্থিত হয়।শিৱসাগৰৰ চাহ বাগিচা,চৰাইদেউ ময়দাম,ৰংঘৰ, তলাতল ঘৰ আদি পৰিদৰ্শন কৰি অধক্ষ্য গৰাকীয়ে শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লত এভাগী পূজা আগবঢ়াই।

আজি শিৱ দ’ল দৰ্শনত তেওঁক সংগ দিয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।আজিৰ শিৱসাগৰ ভ্ৰমণত অধক্ষ্য দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহবানত অসমৰ কলা-স‌ংস্কৃতি-ইতিহাস-পৰম্পৰা আদি উপলব্ধি কৰি জাতি-জনগোষ্ঠীয় লোকৰ মনৰ ভাৱ বুজিবলৈ তেওঁ এক অসম ভ্ৰমণ অব্যাহত ৰখা বুলি জানিব দিয়ে।

সমাজৰ আৰ্থিক আৰু ঔদ্যোগিক উন্নয়নৰ লগতে বৌদ্ধিক আৰু সাংস্কৃতিক উন্নয়নো সমানে প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰি কয় যে-জাতি-জনগোষ্ঠীৰ ৰীতি-নীতি সমূহৰ সংৰক্ষণ আৰু সেই সমূহৰ প্ৰসাৰৰ বাবে সেই সকল লোকে কি ভাৱে সেইয়া জনা দৰকাৰ।যাৰ বাবে তেওঁলোকৰ মাজত সোমাই পৰিবলৈ এনে ভ্ৰমণৰ দৰকাৰ।শ শ বছৰৰ আগত নিৰ্মাণ কৰা প্ৰাচীন কীৰ্তিচিহ্ন সমূহ আমাৰ সভ্যতাৰ পৰিচয়।

এই সমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰয়োজন আছে।নিজৰ ইতিহাস জানিলেহে মানুহে নিজৰ পৰিচয় নিশ্চিত কৰিব পাৰে।আৰু ইতিহাস জানিবলৈ এই সমূহ দৰ্শন কৰাৰ দৰকাৰ।এই সমূহৰ দৰ্শন অধ্যয়নে চৰকাৰক এই সমূহৰ উন্নয়নৰ বাবে প্ৰকল্প প্ৰস্তুতৰ সুবিধা দিব বুলিও তেওঁৰ ভ্ৰমণ উদ্দেশ্যত উল্লেখ কৰে।

লগতে পঢ়ক- ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিভ্ৰমণ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply