গুৱাহাটীঃ দেশৰ লগতে অসমৰো কভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে এটা ভাল খবৰ ৰাজ্যবাসীৰ মাজলৈ আহিছে।

অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান প্ৰদান।

আঞ্চলিক ভাষাৰ এখন ছবি নিৰ্মাণৰ বাবে অভিনেত্ৰী গৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে।

”টেগৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত” জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰথম ডিমাচা ভাষাৰ চলচ্চিত্ৰ ‘চেমখোৰ’ৰ বাবে এই ৰাষ্ট্রীয় সন্মান লাভ কৰিছে ।

অভিনেত্ৰীগৰাকীয়ে ‘Best Narrative’, ‘Best Women Film’ আৰু ‘Best Debut Film Maker’  সন্মানো লাভ কৰিছে।

এই চলচ্চিত্ৰখন ডিমাচা লোকসকলৰ দৈনন্দিন জীৱনৰ ওপৰত আধাৰিত।

উল্লেখে যে ছবিখনৰ মুখ্য চৰিত্ৰত আইমী বৰুৱাই নিজেই অভিনয় কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply