গুৱাহাটীঃ বিগত বছৰবোৰত জনপ্ৰিয়তাৰে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলে ২০২২ চনৰ ৭, ৮ আৰু ৯ জানুৱাৰীত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উৎসৱৰ ৯ম সংস্কৰণ আয়োজন কৰিবলৈ সাজু হৈছে। তিনিদিনীয়া উৎসৱটো সকলো ধৰণৰ ক’ভিড নিয়মাৱলী অনুসৰণ কৰি অনুষ্ঠিত হ’ব আৰু কেৱল দুবাৰ টিকাকৰণ কৰা লোকসকলেহে অনুষ্ঠানত অংশ ল’ব পাৰিব।

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ অধ্যক্ষতাত তথা অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মাননীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীদেৱৰ উপস্থিতিত অনুষ্ঠানৰ উদ্বোধন কৰা হ’ব।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ নৱম সংস্কৰণে অঞ্চলটোৰ অপৰিমেয় বাণিজ্য আৰু পৰ্য্যটনৰ সম্ভাৱনাক প্ৰচাৰ আৰু আলোকপাত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। সেই চিন্তাৰ সৈতে সংগতি ৰাখি উত্তৰ-পূবৰ সংস্কৃতি আৰু সামগ্ৰীৰ এক চিত্তাকৰ্ষক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হ’ব। আলোচনা চক্ৰ, বি 2 বি মিট, হস্ততাঁত আৰু হস্তশিল্প সামগ্ৰীৰ প্ৰদৰ্শনী, জৈৱিক কৃষি-উদ্যান সামগ্ৰী, খাদ্য আৰু ৰন্ধন প্ৰণালী, ষ্টাৰ্ট-আপ সংস্কৃতি, পৰ্য্যটনৰ আকৰ্ষণ আৰু বিভিন্ন বিষয়ক অনুষ্ঠানৰ আয়োজন হ’ব।

অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমা উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

ভাৰতৰ গৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁই, চানু চাইখোম মীৰাবাই আৰু এম টি ভিৰ বৰ্ষশ্ৰেষ্ঠ চুপাৰমডেল ৰোশনি দাদাই এই উৎসৱত অংশগ্ৰহণ কৰিব।

লগতে পঢ়কঃৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত আজিৰে পৰা নাথাকিব চৰকাৰী কৰ্মচাৰী

দেশৰ সামগ্ৰিক ক’ভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি সামান্য সংখ্যক মানুহৰ উপস্থিতিৰে আয়োজন কৰিবলৈ সাজু হোৱা ফেষ্টিভেলটো ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সমগ্ৰ বিশ্বতে সম্প্ৰচাৰ কৰা হ’ব।ফেষ্টিভেলত উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য, বস্ত্ৰ, কৃষি, শিল্পৰ প্ৰদৰ্শনীৰ লগতে উত্তৰ-পূবৰ ডিজাইনাৰ সকলৰ দ্বাৰা ফেশ্বন শ্ব’ৰ আয়োজন কৰা হ’ব।

লগতে মণিপুৰৰ ‘ৰিডমছ অৱ মণিপুৰ’, ‘নাগা ৱাৰিঅ’ৰ ডান্স’, ‘অসমৰ অপূৰ্ব মূখাশিল্প, ‘ জনজাতীয় সংস্কৃতিৰ সমাহাৰেৰে উত্তৰ-পূবৰ বিভিন্ন নৃত্য পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে।

ডিজিটেল প্লেটফৰ্মযোগে এইবাৰ সকলো অনুষ্ঠান চাবলৈ পাৰিব। বিভিন্ন ধৰণৰ ব্যৱসায় সম্পৰ্কীয় আলোচনা সমূহো অনলাইন যোগে অনুষ্ঠিত কৰা হ’ব।

অনুষ্ঠানত বাণিজ্য আৰু পৰ্যটনৰ সম্ভাৱনাক প্ৰচাৰ আৰু আলোকপাত কৰিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। সেই চিন্তাৰ সৈতে সংগতি ৰাখি বিভিন্ন কনক্লেভৰ আয়োজন কৰা হৈছে।

কনক্লেভৰ সৈতে, বিশিষ্ট ডিজাইনাৰসকলৰ দ্বাৰা ফেশ্বন শ্ব’ অনুষ্ঠিত হ’ব আৰু শিপিনীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় বস্ত্ৰসমূহ প্ৰদৰ্শন কৰিব। নৰ্থ ইষ্ট ফেষ্টিভেলত উত্তৰ-পূব ভাৰতৰ বিভিন্ন আকৰ্ষণীয় আৰু অন্তৰংগ অনুষ্ঠান যেনে, লোক নৃত্য আৰু উত্তৰ-পূব ভাৰতৰ সংগীত প্ৰদৰ্শন, জীৱন্ত কলা, ফটোগ্ৰাফী প্ৰদৰ্শনী, ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দৰে ক্ৰীড়া অনুষ্ঠান আদিকে ধৰি উত্তৰ-পূব ভাৰতৰ ৰং আৰু সংস্কৃতিৰ এক দৃশ্যমান উপস্থাপন প্ৰদৰ্শন কৰা হ’ব।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই কয় যে, “আমি মাস্ক পৰিধান, চেনিটাইজেচন আৰু সামাজিক দূৰত্বকে ধৰি সকলো ধৰণৰ ক’ভিড নিয়মাৱলী কঠোৰভাৱে অনুসৰণ কৰিম। অনুষ্ঠানস্থলীত যাতে ক’ভিডৰ উপযুক্ত আচৰণৰ অনুপালন নিশ্চিত হয় সেই উদ্দেশ্যেৰে আমি বহুসংখ্যক স্বেচ্ছাসেৱকক নিযুক্ত কৰিছো। দৰ্শকসকলে ফেষ্টিভেলত প্ৰৱেশ কৰিবলৈ তেওঁলোকৰ দ্বৈত টিকাকৰণ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব। আনকি আমাৰ সকলো শিল্পী আৰু পৰিচালনা দলকো সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। এইবাৰৰ আয়োজনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰাসংগিক বিষয়বোৰৰ ওপৰত আলোচনা আৰু অধিৱেশনৰ এক আকৰ্ষণীয় বিন্যাস আছে। এই উৎসৱৰ উদ্দেশ্য হৈছে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু জাতিগত বৈশিষ্ট্য তাৎপৰ্যপূৰ্ণ ভাৱে উদযাপন কৰা।”

এই অনুষ্ঠান মাজুলীৰ ঐতিহ্যসমৃদ্ধ ভাওনা আৰু মুখা সংস্কৃতিৰ উপস্থাপন তথা অঞ্চলটোৰ বাৰেৰহণীয়া জনজাতীয় নৈপৰীয়া সংস্কৃতিৰ সৌন্দৰ্যৰ সাক্ষী হৈ ৰ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,782 other subscribers

Leave a comment

Leave a Reply