দ্যা কাশ্মীৰ ফাইলছ চাব বিচৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব অৰ্ধছুটী।
চিনেমা চাই গৈ পিছদিনা টিকট জমা দিলেই পাব অৰ্ধ ছুটি।
দ্যা কাশ্মীৰ ফাইলছ The Kashmir Files চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য “অসমৰ অৱস্থাও কাশ্মীৰতকৈ বৰ ভাল নহয়, আজমলেও চাওক ছবিখন, তেওঁ বুজিব, হিন্দু মুছলমান সকলোৱে চাব লাগে চিনেমাখন’। ছবিখনত ‘হিন্দু মুছলমানৰ কথা নাই, এইয়া কাশ্মীৰৰ কথা।”

ইয়াৰ বিপৰীতে ছবিখনক লৈ বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,
‘The Kashmir Files’ নিষিদ্ধ কৰিব লাগে, ছবিখনে হিন্দু-মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰিব’।

‘কাশ্মীৰ ফাইলছ’, এনেকুৱা আৰু চিনেমা নিৰ্মাণ কৰিব লাগে, যাতে সকলোৱে প্ৰকৃত সত্যৰ বিষয়ে গম পায় ।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাশ্মীৰ ফাইল শীৰ্ষক বোলছবিখনৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰে । লগতে মোদীয়ে কয় যে
যিসকল লোকে সদায় মত প্ৰকাশৰ স্বাধীনতাৰ পতাকা উত্তোলন কৰে, তেওঁলোকে তথ্যৰ ওপৰত পৰ্যালোচনা কৰি আছে, এই চিনেমাখনক বদনাম কৰিবলৈ প্ৰচাৰ চলাই আছে’। বিবেক অগ্নিহোট্ৰীয়ে পৰিচালনা কৰা এই চিনেমাখনে তোলপাৰ লগাইছে চিনেমা জগতৰ লগতে সমগ্ৰ দেশত।

কাশ্মীৰ বিদ্ৰোহৰ সময়ত কাশ্মীৰী হিন্দুসকলে দেশত্যাগ কৰাৰ লগতে যি গণহত্যাৰ বলি হৈছিল, সেই ক’লা অধ্যায়ক লৈ নিৰ্মাণ কৰা হৈছে এই চিনেমাখন। সত্য ঘটনাৰ ওপৰত নিৰ্মিত ‘কাশ্মীৰ ফাইলছে’ সকলো সমালোচনাকো অতিক্ৰমি কৰি উপাৰ্জনৰ দিশত অভিলেখ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

আনকি ভাৰতৰ বহুকেইখন বিজেপি শাসিত ৰাজ্যত কোনো ৰাজহ সংগ্ৰহ নকৰাকৈয়ে দৰ্শকে ‘কাশ্মীৰ ফাইলছ’ চিনেমাখন চোৱাৰ সুবিধা কৰিছে চৰকাৰে। উল্লেখ্য যে, এই বোলছবিখন কোনো এটা ‘টেলিভিছন শ্ব’ত প্ৰচাৰৰ বাবে আগবাঢ়ি অহা নাছিল। কাৰণ বোলছবিখনে সেই সময়ৰ চৰকাৰ তথা প্ৰশাসনৰ গাফিলতি স্পষ্ট ভাৱে উদঙাই দিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply