দেৰগাঁও: দেৰগাঁও নগৰৰ একনং ৱাৰ্ড তথা শ্ৰীশ্ৰী ভোটমৰিচ কাঠবাপু সত্ৰৰ বাসিন্দা, অৱসৰী আৰক্ষী বিষয়া তথা সুদক্ষ অভিনেতা প্ৰমোদ মহন্তৰ দেহাৱসান। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ।
অসম আৰক্ষীৰ এগৰাকী নিষ্ঠাৱান বিষয়া প্ৰমোদ মহন্ত এগৰাকী সুদক্ষ অভিনেতা আছিল। এসময়ত বহুবোৰ অপেছাদাৰী নাট্য দলত বলিষ্ঠ অভিনয় কৰি ৰাইজৰ মাজত জনপ্ৰিয় হৈছিল মহন্ত। দেৰগাঁৱৰ সুসন্তান উপেন কাকতিৰ ‘বিশেষ এৰাতি’ৰ ছবিতো এক বিশেষ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল।
বিশিষ্ট সাংস্কৃতিক কৰ্মী গৰাকী বিয়োগত দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।পত্নীসহ দুই কন্যা ,ভাতৃ আৰু বহুতো আত্মীয় কুটুম্বক এৰি থৈ গৈছে।

লগতে পঢ়ক – নুমলীগড়ৰ এটি নিঠৰুৱা পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply