মানকাচৰ : মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢলে হাহাকাৰ সৃষ্টি কৰিছে অসম-মেঘালয় সীমান্তবৰ্তী ৰামভোলা পাৰা শ্বেওৰাগুৰি হাজং গাঁৱত। হঠাৎ অহা পানীৰ ঢলৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ বিস্তৰ ক্ষতি সাধন অৰ্ধ শতাধিক পৰিয়ালৰ।
শুকুৰবাৰে পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা হঠাৎ পানীৰ ঢল নামি আহি অসম-মেঘালয় সীমান্তবৰ্তী ৰামভোলাপাৰা আৰু শ্বেওৰাগুৰি হাজং গাঁৱত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন হৈছে। গাৰো পাহাৰত এটা চক্ৰই পাহাৰ খনন কৰাৰ বাবে বছৰ বছৰ ধৰি গাঁওখনৰ মাজেৰে গাৰো পাহাৰৰ ঝৰ্ণাৰ পানী বৈ গাঁওখনক ক্ষতিগ্ৰস্ত কৰে।
লগতে পঢ়ক – মহানগৰীৰ যোৰাবাটত জব্দ ৮০০ কেজি গাঞ্জা
হঠাৎ এইদৰে পাহাৰৰ পৰা পানীৰ ঢল নামি আহি ঝৰ্ণা বৈ যোৱা নলাখন ভাঙি যোৱাত গাঁওখনত কৃত্ৰিম বানৰ সৃষ্টি হয়। ফলত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নষ্ট হোৱাৰ লগতে ঘৰৰ ভিতৰত ভঁৰালত জমা থোৱা ধান, চাউল, খাদ্য সামগ্ৰী নষ্ট হৈ পৰে। গাঁওখনত এক হাহাকাৰ জনক পৰিবেশৰ সৃষ্টি হয়।