হাটশিঙিমাৰী : কৃত্ৰিম বানত প্লাৱিত কেইবাটাও শিক্ষানুষ্ঠান। হাটশিঙিমাৰীত কৃত্ৰিম বানত প্লাৱিত হৈ আছে হাটশিঙিমাৰী মহাবিদ্যালয়কে ধৰি কেবাটাও শিক্ষা প্ৰতিষ্ঠান। পুৰণি নলা খান্দি পানী ওলাই নিয়াৰ দাবী অধ্যক্ষৰ। অন্যথায় দীৰ্ঘ সময়ৰ বাবে পাঠদানৰ পৰা বঞ্চিত হ’ব তিনি সহস্ৰাধিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
বিগত প্ৰায় ১৫ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, হাটশিঙিমাৰী মহাবিদ্যালয়কে ধৰি কেবাটাও শিক্ষানুষ্ঠানৰ লগতে চৰকাৰী কাৰ্যালয় আৰু সপ্তাহিক বজাৰ কৃত্ৰিম বানত প্লাৱিত হৈ আছে। জিলা সদৰত প্ৰায় ১০ বছৰ পূৰ্বে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানী বিভিন্ন নলাৰে প্ৰাকৃতিকভাৱে ব্ৰহ্মপুত্ৰ নদীত ওলাই গৈছিল যদিও একাংশ লোক পৰিকল্পনাহীনভাৱে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি নলা সমূহ বন্ধ কৰি দিয়াৰ ফলত এইদৰে জিলাৰ সদৰ কৃত্ৰিম বানৰ কবলত পৰিছে।
এজাক বৰষুণ দিলেই জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা যুটীয়া স্বাস্থ্য বিষয়াৰ কাৰ্যালয়, জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়কে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয় কৃত্ৰিম বানৰ কবলত পৰে। একদৰে হাটশিঙিমাৰী মহাবিদ্যালয়, হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে কেবাটাও শিক্ষানুষ্ঠানত কৃত্ৰিম বানৰ কবলত পৰাত পাঠদান বন্ধ ৰাখিবলগীয়া হয়। বিশেষকৈ জিলাৰ সদৰত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়খন প্ৰতিবছৰে কৃত্ৰিম বানৰ কবলত পৰি তিনি-চাৰিমাহলৈকে মহাবিদ্যালয়ৰ খেলপথাৰত পানী জমা হৈ থাকে। ফলত পানী লেতেৰা হৈ মহাবিদ্যালয়খনত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়।
লগতে পঢ়ক – সমাজ কল্যান বিভাগৰ কাম কাজকলৈ গোলকগঞ্জত বুদ্ধিজীৱিৰ বৈঠক
নিজৰ সুবিধাৰ বাবে একাংশ লোকে বন্ধ কৰা নলা সমূহ পুনৰ মুকলি কৰি দি পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল কায়ুম সেখে। অন্যথায় হাটশিঙিমাৰী মহাবিদ্যালয় আৰু হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰায় ৩ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী দীৰ্ঘ সময়ৰ বাবে পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।