মানকাচৰ : মানকাচৰত কৃত্ৰিম বানপানী। মানকাচৰত অৰ্ধ শতাধিক গাঁৱত কৃত্ৰিম বানৰ কবলত। হাটশিঙিমাৰীৰ শান্তিপুৰত দুষ্ট চক্ৰই নলা বন্ধ কৰি দিয়াত নিশাৰ ভিতৰত কৃত্ৰিম বানত বুৰিল অৰ্ধ শতাধিক গাঁও।
বিগত দুদিন ধৰি হৈ থকা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানী মানকাচৰৰ অৰ্ধ শতাধিক গাঁৱত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। বিশেষকৈ জিলা সদৰ হাটশিঙিমাৰীৰ শান্তিপুৰ গাঁৱ নিশাৰ ভিতৰত কৃত্ৰিম বানৰ কবলত পৰাত সাধাৰণ লোক বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে।
মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানী ব্ৰহ্মপুত্ৰ নদীত ওলাই যাবলৈ জিলা প্ৰশাসনে প্ৰায় ১০ কোটি টকাৰে এখন নলা নিৰ্মান কৰি দিছে। কিন্তু একাংশ দুষ্ট চক্ৰই নিশা নলা বস্তা আৰু মাটিৰে বন্ধ কৰি দিয়াত নলাৰে পানী ওলাব পৰা নাই। ফলত শান্তিপুৰ গাঁও কৃত্ৰিম বানৰ কবলত পৰিছে।
লগতে পঢ়ক – সুৰা পান কৰি ভঙাগড় থানাৰ গাড়ী চালকে মহতিয়াই নিলে এজনক
নিশাৰ ভিতৰত বহু লোকৰ ঘৰে ঘৰে পানী উঠি ঘৰৰ ভিতৰত থকা নৃত্য প্ৰয়োজনী সকলো সামগ্ৰী নষ্ট হৈ পৰাৰ লগতে একাংশ কৃষকৰ ভঁৰালত জমা থোৱা ধান, লাখ লাখ টকাৰ চিকি চুপাৰি নষ্ট হৈছে। পানী অত্যাধিক হোৱাত গাঁৱবাসীয়ে অৱশেষত নলা খুলি দিয়াত পানী ওলাই যাবলৈ ধৰিছে।