মানকাচৰ : মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলৰ ফলত মানকাচৰৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা কৃ্ত্ৰিম বান আজিও অপৰিবৰ্তিত হৈ আছে। মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত প্ৰায় অৰ্ধ শতাধিক গাঁও আজিও কৃত্ৰিম বানৰ কবলত পৰি প্লাৱিত হৈ থকাৰ ফলত কৃষক তথা মাছ পালক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে। বিশেষকৈ অসম-মেঘালয় সীমান্তৱৰ্তী মানুল্ল্যাপাৰা গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় ১০ খন গাঁও কৃত্ৰিম বানত ডুব গৈ আছে।

ইয়াৰ লগতে ফেকামাৰী গাঁও পঞ্চায়ত এলেকাৰ ময়নাবান্ধা, ধানুৱা গাঁও পঞ্চায়ত এলেকাৰ ৭-৮ খন গাঁও কৃত্ৰিম বানৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে। সোমবাৰে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গাঁও সমূহৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰ কৃত্ৰিম বানে জলমগ্ন কৰি ৰখাৰ ফলত সাধাৰণ লোকৰ জন জীৱন ব্যহত হৈ পৰিছে। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মহামায়ানগৰত এতিয়াও একাংশ পৰিয়ালৰ ঘৰৰ ভিতৰত এবুকু পৰ্যন্ত পানী আছে।

লগতে পঢ়ক – বছাশিমলুত ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ

কৃত্ৰিম বানৰ কবলত পৰা লোক সকলে ঘৰৰ ভিতৰতে চাং পাতি আশ্ৰয় লবলগীয়া হৈছে। ইফালে মহামায়ানগৰত কৃত্ৰিম বানৰ মাজতে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে। বানাক্ৰান্ত লোক সকলে এককাল পানী ভাঙি ওখ স্থানৰ পৰা খোৱাপনী সংগ্ৰহ কৰিবলগীয়া হৈছে। আনহাতে ধানুৱা, মানুল্ল্যাপাৰা তথা ফেকামাৰী অঞ্চলৰ প্ৰায় শতাধিক মাছ পালন কৰা পুখুৰী পানীৰ তলত ডুব যোৱাত মাছ পালক সকলৰ লাখ লাখ টকা লোকচান হোৱাত মাছ পালক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,578 other subscribers

Leave a comment

Leave a Reply Cancel reply