গুৱাহাটী : এজাক বৰষুণতে ডুবিল মহানগৰী গুৱাহাটী। মাত্ৰ ২০ মিনিটৰ বৰষুণে উদঙাই দিলে মহানগৰী গুৱাহাটীৰ উন্নয়ন। কৃত্ৰিম বান পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি ক্ষোভ উজাৰিলে গুৱাহাটীবাসীয়ে।

বিভিন্ন সমস্যাৰে জৰ্জৰিত মহানগৰী গুৱাহাটী। এই সমস্যা সমূহৰ ভিতৰত অন্যতম প্ৰধান সমস্যা হৈছে কৃত্ৰিম বান পানীৰ। কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰে সমাধান কৰিবলৈ সক্ষম নহ’ল গুৱাহাটীৰ কৃত্ৰিম বান পানীৰ সমস্যা।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান। গুৱাহাটীৰ কৃত্ৰিম বান পানীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ভোট ভিক্ষা কৰিছে গুৱাহাটী বাসীৰ ওচৰত।

পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে বুধবাৰে পুৱাৰ ভাগত অহা এজাক বৰষুণত ডুব যায় গুৱাহাটী মহানগৰীৰ। বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত পথৰ ওপৰত কৃত্ৰিম বান পানীৰ সৃষ্টি হোৱাত ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়।

লগতে পঢ়ক –  বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন

কৃত্ৰিম বান পানীৰ ফলত তীব্ৰ যানযঁতৰো সৃষ্টি হয় বিভিন্ন ঠাইত। হাটীগাঁও আৰু ভেটাপাৰা অঞ্চলত যানযঁতৰ বাবে দীর্ঘ সময় ধৰি পথৰ ওপৰত বহু বাহন আৱদ্ধ হৈ থকা দেখিবলৈ পোৱা যায়। কোনো এখন চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বান পানীৰ সমস্যা সমাধান নকৰিলে বুলি ক্ষোভ উজাৰে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply