নিউজ ডেস্ক: অৰুণাচল প্ৰদেশ আৰক্ষীয়ে যোৱা দেওবাৰে গ্ৰেপ্তাৰ কৰা অসমৰ চিত্ৰশিল্পী নীলিম মহন্তক আজি আদালতে জামিন প্ৰদান কৰে। মহন্তৰ উপৰি আদালতে ৰাজ্যখনৰ এগৰাকী অধিবক্ত তথা এক্টিভিষ্ট ইবো মিলিকো জামিন প্ৰদান কৰিছে।

জানিব পৰা মতে আজি অৰুণাচল প্ৰদেশৰ এখন আদালতত দুয়োজনকে হাজিৰ কৰোৱাৰ পিছত আদালতে দুয়োকে ৩০০০ টকাৰ বিনিময়ত জামিন প্ৰদান কৰে।

উল্লেখযোগ্য যে যে ইটানগৰ সচিবালয়ৰ ‘wall of harmony’ত অংকিত নদী বান্ধৰ এখন ৱাল-পেইণ্টিঙৰ ওপৰত No More Dams বুলি গ্ৰাফিটি অংকন কৰাৰ অভিযোগত দেওবাৰে লখিমপুৰৰ নিজৰ বাসগৃহৰ পৰা নীলিম মহন্তক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিছিল।

মহন্তৰ গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। মহন্তৰ গৃহ চহৰ লখিমপুৰত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি সামাজিক মাধ্যমতো বিভিন্নজনে উক্ত ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগতে শিল্পী গৰাকীৰ মুক্তিৰ দাবী তুলিছিল।

লগতে পঢ়ক – পাব্লিক আৰ্ট, বৃহৎ নদী বান্ধ আৰু নীলিম মহন্তৰ গ্ৰেপ্তাৰ; অংগ আৰ্ট কালেক্টিভৰ বিবৃতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply