নিউজ ডেস্ক- বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ধেমাজিৰ অসম-অৰুণাচল সীমান্তত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ধেমাজি জিলাৰ পাণবাৰী সীমান্তৰ অৰুণাচলী দুৰ্বৃত্তই দুজনকৈ অসমীয়া লোকক হত্যা কৰে।
অসম আৰক্ষী সঞ্চালক প্রধান জিপি সিঙে এক টুইটযোগে জনায়, এই সন্দৰ্ভত অৰুণাচল আৰক্ষীয়ে ৫জন অৰুণাচলীক গ্ৰেপ্তাৰ কৰিছে।
এই ঘটনা সন্দৰ্ভত ইতিমধ্যে গোগামুখ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ১৪৮, ৩০২, ৩২৬, ৩০৭ নং ধাৰা আৰু আর্ম এক্ট ২৭ (৩) নং ধাৰাৰ অধীনত ৬৩/২৩ নং এটা গোচৰ ৰুজু কৰা হৈছে। প্রধান জি পি সিঙে উল্লেখ কৰে যে, অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনক আইনী প্ৰক্ৰিয়াৰে অসম আৰক্ষীক গতোৱা হ’ব।
উল্লেখ্য যে, গছ পুলি ৰোপন কৰি থকা সময়তে দূৰৈৰ পৰা অৰুণাচলী দুৰ্বৃত্ত কেইটাই গছ পুলি ৰোপন কৰিবলৈ যোৱা অসমীয়া যুৱক কেইজনৰ ওপৰত চলাইছিল গুলী।