মৰিয়নী : মৰিয়নীত ডকাইতৰ ৰূপত অৰুণাচলী সুৰা ব্যৱসায়ী৷ আটক ৩ টা আৰু বৰ্তমানেও পলাতক ২ টা ডকাইত৷ মৰিয়নীৰ পৰা চিনেমাৰ কায়দাৰে অপহৰণ কৰি নগালেণ্ডৰ অজ্ঞাত স্থানত নি শাৰিৰীক নিৰ্যাতন চলোৱা স্থানৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম যোৰহাটৰ পৰা সামগ্ৰী কঢ়িয়াই নিয়া মালবাহী মিনি ট্ৰাকৰ চালক আৰু হেণ্ডিমেন৷

জানিব পৰা মতে শনিবাৰে নিশা যোৰহাটৰ পৰা নাগালেণ্ডৰ জুনুবুটু লৈ সামগ্ৰী কঢ়িয়াই মৰিয়নী হৈ যোৱা এখন মালবাহী মিনি ট্ৰাকক বাত আগুচি ধৰি চালক আৰু হেণ্ডিমেনক দুখন বাহনত অহা ৫ জনীয়া ডকাইতৰ দলে নিজকে আৰক্ষী বুলি চিনাকি দি চকুত কলা কাপোৰ বান্ধি নাগালেণ্ডৰ অজ্ঞাত স্থানত নি মাৰপিট কৰি কাৰেন্টৰ শ্বৰ্ট দি নিৰ্যাতন চলায়।

লগতে পঢ়ক – দেওবাৰৰ দিনটোত ১৪৯ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড

সুযোগ বুজি কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় মিনি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন। পৰিবৰ্তী সময়ত মৰিয়নী থানাত মালবাহী ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে এজাহাৰ দাখিল কৰাৰত মৰিয়নী আৰক্ষীয়ে আটক কৰে ডকাইতৰ দলটোৰ সদস্য ৰাজীৱ মিলি, নিৰেন কাৰ্ডং আৰু শ্ৰীমন্ত গগৈক। বৰ্তমানেও পলাতক অৱস্থাত আছে অনুৰাগ চৌধুৰী আৰু ভৰত মিলি নামৰ ঘটনাৰ সৈতে জড়িত দুটা ডকাইত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply