ধুবুৰী : নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁওখন টেৰাকোটা শিল্পৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। অসমৰ পাল বংশৰ লোক সকলৰ লগতে মৃৎ শিল্পৰ লগত জড়িত পূৱ বংগৰ বর্তমানৰ বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা কেইটামান পৰিয়ালে টেৰাকোটা শিল্পৰে আশাৰীকান্দিৰ নাম উজ্বলাই তুলিছে সমগ্ৰ বিশ্বতে। অসমৰ অন্যান্য ঠাইৰ বহু লোকে আশাৰীকান্দিৰ পৰা টেৰাকোটা শিল্পৰ প্ৰশিক্ষণ লৈ টেৰাকোটা শিল্পৰ লগত জড়িত হৈ এই শিল্পক আগুৱাই নিয়াত অৰিহনা যোগাইছে।

বৰ্তমান অসমৰ বহু অঞ্চলত টেৰাকোটা শিল্পৰ উদ্যোগ গঢ় লৈ উঠিছে যদিও অসমত দ্বিতীয়টো আশাৰীকান্দি এতিয়ালৈকে গঢ় উঠা সম্ভৱ হোৱা নাই। টেৰাকোটা শিল্পৰ ক্ষেত্ৰত আশাৰীকান্দি প্ৰত্যাহ্বান জনোৱাটো সম্ভৱ নহয়। কিয় অসমত দ্বিতীয়টো আশাৰীকান্দি গঢ়লৈ উঠা সম্ভৱ নহয়, ইয়াৰ প্ৰধান কাৰণ হৈছে আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ লগত জড়িত লোক সকলে ব্যৱহাৰ কৰা মাটি। টেৰাকোটাৰ সামগ্ৰী সমূহ নিৰ্মাণৰ বাবে আশাৰীকান্দিৰ শিল্পী সকলে ব্যৱহাৰ কৰা মাটিৰ যিটো গুণ সেই গুণ অন্য ঠাইৰ মাটিত নাই।

আশাৰীকান্দিৰ দেৱদাস পাল নামৰ এজন যুৱ টেৰাকোটা শিল্পীয়ে আশাৰীকান্দিৰ শিল্পী সকলে টেৰাকোটাৰ সামগ্ৰী সমূহ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটি সম্পৰ্কে জানিবলৈ দি কয় “আশাৰীনকান্দিৰ টেৰাকোটাৰ সামগ্ৰী সমূহৰ মাটিৰ অতিকৈ উৎকৃষ্ট মানৰ, এক গৱেষণাত আশাৰীকান্দিৰ শিল্পী সকলে ব্যৱহাৰ কৰা মাটিৰ গুণ ভাৰতৰ অন্য ঠাইৰ মাটিতকৈ বহু পৃথক। আমি ব্যৱহাৰ কৰা মাটিত নিমখীয়া গুণ একেবাৰে নাই, যিটো অন্য ঠাইৰ মাটিত থাকে। আশাৰীকান্দিৰ শিল্পী সকলে শিলা পাহাৰৰ মাটি ব্যৱহাৰ কৰে’।

টেৰাকোটা শিল্পৰ জড়িয়তে অসমৰ নাম সমগ্ৰ বিশ্বতে উজলাই তুলিবলৈ সক্ষম হোৱা আশাৰীকান্দিৰ টেৰাকোটা শিল্পী সকলৰ জীৱন কিন্তু অন্ধকাৰ। এই শিল্পৰ লগত জড়িত শিল্পী সকল কোনোমতে নিজৰ পৰিয়াল পোহপাল দি আছে। দেৱদাস পাল নামৰ যুৱ শিল্পীজনে জানিবলৈ দিয়ে যে আশাৰীকান্দিত ১৫৩ টা পৰিয়ালৰ ৫১৫ জন লোক টেৰাকোটা শিল্পীৰ লগত জড়িত যদিও এই লোক সকল আৰ্থিকভাৱে একেবাৰে দুৰ্বল। পৰিয়াল কেইটা টেৰাকোটাৰ সামগ্ৰী নিৰ্মাণ কৰি পেটে ভাতে খাই জীয়াই আছে।

লগতে পঢ়ক – CAA আন্দোলনকাৰীয়ে পাঁচ হাজাৰ মানুহ গোট খুৱাই দেখুৱাওক

ইফালে যুৱ শিল্পীজনে জানিবলৈ দিয়ে যে এই গাঁওখনৰ টেৰাকোটাৰ শিল্পী সকল কোনো ধৰণৰ মেচিন ব্যৱহাৰ নকৰাকৈ নিজ হাতেৰে টেৰাকোটাৰ সামগ্ৰী নিৰ্মাণ কৰে। আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ ওপৰত গাঁওখনৰ ৮০ শতাংশ লোকৰ জীৱিকা নিৰ্ভৰশীল। আশাৰীকান্দি গাঁৱৰ লোক সকল টেৰাকোটা শিল্পৰ লগতে কৃষি কৰ্মৰ লগতো জড়িত। ৰাজ্য চৰকাৰে আশাৰীকান্দিক মডেল গাঁও হিচাপে ঘোষণা কৰি ইয়াক গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ অধীনলৈ আনিছে। কিন্তু এইখিনি যথেষ্ট নহয়, আশাৰীকান্দিৰ শিল্পী সকলৰ উন্নয়নৰ বাবে শিল্পী সকলক উন্নত প্ৰশিক্ষণৰ প্ৰয়োজন বুলি কয় যুৱ শিল্পী দেৱদাস পালে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply