নগাঁও : বটদ্ৰৱা কাণ্ডৰ মাষ্টৰ মাইণ্ড আশ্বিকুল ইছলামৰ নিহত। নগাঁও আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গাড়ীৰ খুন্দাত নিহত হয় আশ্বিকুল ইছলাম৷ দেওবাৰে বটদ্ৰৱা কাণ্ডৰ মাষ্টৰ মাইণ্ড আশ্বিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে৷
ধৃত আশ্বিকুল ইছলামাক লগত লৈ জুৰীয়া সোনাইবাৰী ঘৰত অভিযান চলাই উভতি অহা পথৰ ৰাইদঙীয়াত আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলায়নৰ চেষ্টা চলাই৷ কিন্তু পিছে পিছে অহা আৰক্ষীৰ আন এখন বাহনৰ খুন্দাত নিহত হয় আশ্বিকুল ইছলাম৷ আশ্বিকুল ইছলামৰ জুৰীয়া সোনাইবাৰী বাসগৃহৰ পৰা এটা পইন্ট ২২ আৰু এটা ৭.৬৫ পিষ্টলসহ কেইবাজাই সজীৱ গুলী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷
লগতে পঢ়ক – বৰপেটা চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন পদত নিযুক্তি সৃষ্টি
উল্লেখ যে ঘটনাৰ দিনা ৰঙা টি চাৰ্ট পৰিধান কৰি আশ্বিকুল ইছলামেই থানা জ্বলাই দিয়াৰ উচটনি দিছিল, যি দৃশ্য বন্দী হৈছিল কেমেৰাত। ঘটনাৰ পিছৰ পৰাই পলাতক হৈ আছিল ধৃত আশ্বিকুল ইছলাম। অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে যদিও আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰোতে নিহত হয় আশ্বিকুল ইছলাম।