নিউজ ডেস্কঃ চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ আয়োজক দেশক লৈ এতিয়াও চূড়ান্ত মন্তব্য প্ৰদান কৰা নাই এছিয়ান ক্ৰিকেট পৰিষদে। কিন্তু আই পি এলৰ ফাইনেলৰ পিচতে এছিয়া কাপৰ আয়োজক দেশ চূড়ান্ত কৰিব এছিয়ান ক্রিকেট পৰিষদে

বৃহস্পতিবাৰে বি চি চি আইৰ সচিব তথা এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি জয় শ্বাহে কয়, ‘এতিয়ালৈ এছিয়া কাপৰ আয়োজক দেশ চূড়ান্ত হোৱা নাই। আমি আই পি এলত ব্যস্ত। প্রতিযোগিতাখনৰ ফাইনেলত শ্রীলংকা, বাংলাদেশ আৰু আফগানিস্তান ক্রিকেট ব’ৰ্ডৰ কৰ্মকৰ্তাক আমন্ত্রণ জনোৱা হৈছে। ফাইনেলৰ পিচত আলোচনাৰ মাধ্যমেৰে এছিয়া কাপ ক’ত হ’ব, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ম।’

বৰ্তমানলৈকে আয়োজক দেশ হিচাপে থকা পাকিস্তানত ভাৰতীয় ক্ৰিকেট দলে দুয়োখন দেশৰ ৰাজনৈতিক উত্তেজনাৰ বাবে দেশখনলৈ খেলিবলৈ নাযায় বুলি স্পষ্ট কৰি দিছে। আন কোনো দেশত ভাৰতীয় ক্ৰিকেট বৰ্ডে এছিয়া কাপ আয়োজন হোৱাটো বিচাৰে।

ভাৰতে পাকিস্তানলৈ খেলিবলৈ নোযোৱাৰ প্ৰস্তাৱৰ পিছতেই পাক ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নাজম শেঠীয়েও বিকল্পৰ প্ৰস্তাৱ আগবঢ়াইছিল। পাক ক্ৰিকেট ব’ৰ্ডে বিকল্পৰ প্ৰস্তাৱক হাইব্ৰিড মডেলৰ নামকৰণ কৰি অৱগত কৰে যে, ভাৰতৰ সকলো মেচ পাকিস্তানৰ বাহিৰত অৰ্থাৎ অন্য দেশত খেলিব পাৰে আৰু বাকী দলবোৰৰ মেচ সমূহ পাকিস্তানত অনুষ্ঠিত হ’ব।

এই হাইব্ৰিড মডেলৰ প্ৰস্তাৱটো ACC য়ে সঁহাৰি নিদিয়াত ১০ মে’ত পাকিস্তানে The United Arab Emirates ত এছিয়া কাপ আয়োজনৰ বাবে প্ৰস্তাৱ আগবঢ়াই। কিন্তু ছেপ্টেম্বৰত Emirates ত প্ৰচণ্ড গৰমৰ বাবে প্রতিযোগিতা আয়োজনক লৈ আপত্তি দর্শাইছে ভাৰতীয় ক্রিকেট ব’ৰ্ডে।

শেহতীয়াভাৱে ভাৰতৰ দৰে শ্ৰীলংকা আৰু বাংলাদেশৰ ক্ৰিকেট বৰ্ডেও পাকিস্তান নোযোৱাৰ বাবে মত দাঙি ধৰিছে। যাৰ বাবে বৰ্তমান এছিয়া কাপৰ প্রতিযোগিতা শ্রীলংকাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্রবল।

উল্লেখ্য যে, চলিতচ আইপিএলৰ ছিজনৰ ফাইনেল খেলখন ২৮ এপ্ৰিল আছে। উক্ত ফাইনেলৰ দিনা শ্রীলংকা, বাংলাদেশ আৰু আফগানিস্তান ক্রিকেট ব’ৰ্ডৰ কৰ্মকৰ্তাক বিচিচিআই আমন্ত্ৰণ জনাইছে। আশা কৰা হৈছে যে ২৮ এপ্ৰিলৰ দিনাই চূড়ান্ত ঘোষণা হ’ব পাৰে এছিয়া কাপৰ আয়োজকৰ দেশৰ ঘোষণা। যাৰ বাবে এতিয়া নিশ্চিতভাৱে জানিবলৈ অপেক্ষা কৰিব লাগিব আই পি এল শেষ হোৱালৈ।

লগতে পঢ়ক – মধ্যপ্ৰদেশৰ উচ্চ তাপমাত্ৰাৰ ফলত কুনোত আৰু দুটা চিতা পোৱালিৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply