নিউজ ডেস্ক: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ ১৩ বছৰীয়া উত্তম তাঁতীক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হ’ব।

২০১৯ চনত মাত্ৰ ১০ বছৰ বয়সতে নিজৰ জীৱনৰ কথা নাভাবি এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰক বানপানীত উটি যোৱাৰ সময়ত জীৱন ৰক্ষা কৰাৰ বাবে উত্তমক এই বঁটা প্ৰদান কৰা হ’ব। 

সাঁতোৰৰ কোনো প্ৰশিক্ষণ গ্ৰহণ কৰা নাই যদিও ৫ বছৰ বয়সতে সাঁতোৰিবলৈ শিকা উত্তম বৰ্তমান অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে।

উল্লেখযোগ্য যে, ১৯৫৭ চনৰ পৰাই ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰত্যেক বছৰে ১৮ বছৰৰ তলৰ ২৫ জন শিশুক প্ৰদান কৰি অহা হৈছে। গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰে আৰু ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ সন্মানত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। 

বঁটা বিজয়ীসকলে নতুন দিল্লীৰ ৰাজপথত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক – গুৱাহাটীত চিবিআইৰ জালত ৭ জন ৰে’লেৱেৰ বিষয়া-ঠিকাদাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply