সোণাৰি: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যুৎ বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত আজি চৰাইদেউ জিলাৰ নিমনাগড়ত উজ্বল ভাৰত, উজ্বল ভৱিষ্যত শক্তি @২০৪৭ ৰ অধীনত বিজুলী মহোৎসৱ উদযাপনৰ কৰা হয়।
নিমনাগড়ৰ ৰাইপুৰস্থিত শ্ৰীপুৰ ৰঙ্গমঞ্চত অনুষ্ঠিত এই অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
অনুষ্ঠানৰ অংশ হিচাপে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সজাগতা মূলক বাটৰ নাট আৰু শক্তি খণ্ডৰ সাফল্যৰ ওপৰত চুটি ছবি প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।
অনুষ্ঠানত চৰাইদেউ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া বিদিত দাস, চৰাইদেউ তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানাৰ লগতে বহুকেইগৰাকী অতিথি তথা শক্তি বিভাগৰ লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
ইফালে এই অনুষ্ঠানতে শ্ৰীপুৰ ৰাইবস্তি অঞ্চলৰ চৈধটাকৈ পৰিয়ালত সৌভাগ্য আঁচনিৰ অধীনত বিজুলী সংযোগ কৰে শক্তি বিভাগে।
লগতে পঢ়ক – আগষ্টত ৰাজ্যবাসীয়ে লাভ কৰিব নতুন উপহাৰ