নিউজ ডেস্ক- ডিমা হাচাও জিলাত সংঘটিত এক শোকাৱহ অগ্নিকাণ্ডত এটি দুবছৰীয়া কন্যা শিশুই দেহত অগ্নি সংযোগ হৈ মৃত্যুক সাবটিব লগীয়া হয়।

জিলাখনৰ আৰক্ষী সূত্ৰই জনোৱা মতে বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ১ বজাত জিলাখনৰ উম্ৰাংচো আৰক্ষী থানাৰ অন্তৰ্গত চটো লংগালি অঞ্চলত সংঘটিত হয় উক্ত শোকাৱহ অগ্নিকাণ্ডটো।

অগ্নিকাণ্ডৰ ফলত অঞ্চলটোৰ মনসিং তিমুঙৰ ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰাৰ লগতে তিমুঙৰ ২ বছৰীয়া জিয়েক সুণীতা তিমুঙে মৃত্যুক সাবটিব লগীয়া হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছত দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ, ইণ্ডিয়ান ৰে’ড ক্ৰছ ছ’চাইটি আৰু আন আন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোক সাহায্য সামগ্ৰী প্ৰদান কৰে।

বাতৰি লিখা পৰ্য্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

লগতে পঢ়ক – বোকাজানত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply