নিউজ ডেস্ক: বন বিভাগৰ এটা দলে বুধবাৰে নিশা কামৰূপ জিলাৰ হাজোত এক অভিযান চলাই এখন বাহনৰ পৰা ৫টা দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ লগতে এটা ৱালাবি (অষ্ট্ৰেলিয়াত পোৱা এটা সৰু প্ৰজাতিৰ কেংগাৰু) উদ্ধাৰ কৰে।
বন বিভাগৰ দলে ইয়াৰ সৈতে জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হয় যদিও আন এজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। বিভাগীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বন বিভাগৰ দলটোৱে বাহনখনৰ ভিতৰত ৬টা পিঞ্জৰাৰ ভিতৰত ভৰাই অনা অৱস্থাত জন্তু কেইটাক উদ্ধাৰ কৰে।

উত্তৰ কামৰূপ সংমণ্ডলৰ আঞ্চলিক বন বিষয়া সংগীতা ৰাণী সিংহৰ নেতৃত্বত বন বিভাগৰ এটা দলে হাজোত এখন ইনোভাত তালাচী চলাই উক্ত দুষ্প্ৰাপ্য প্ৰজাতিৰ জন্তু কেইটা উদ্ধাৰ কৰে বুলি বিভাগীয় বিবৃতিত কোৱা হয়।
জন্তু কেইটাক ক’ত ধৰা হৈছিল আৰু কোন ঠাইলৈ নি থকা হৈছিল সেই সম্পৰ্কে তদন্ত চলাই থকা হৈছে বুলি বিজ্ঞপ্তিত কোৱা হৈছে।
লগতে পঢ়ক – অ’ এন জি চিত নিযুক্তি সৃষ্টি; ৩৬১৪ টা পদ খালী