জামুগুৰিহাট: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কোৱামৰা গাঁৱত তিনিদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা মহাপুৰুষীয়া আদি পন্থা সমাজ অসমৰ ৬৫তম বাৰ্ষিক অধিৱেশন তথা মহাপালনামৰ আজি সামৰণিৰ দিন।
এই উদ্দেশ্যে যোৱা মঙ্গলবাৰে অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহন কৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক প্ৰধান তথা বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীয়ে ৷
ইয়াৰোপৰি মঙ্গলবাৰে নিশা ৰাজ্যৰ ২৩ খন জিলাৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে অংশ লয় মহাপালনামত ৷ মহাপুৰুষীয়া আদি পন্থা সমাজৰ এই মহাপালনামত অংশগ্ৰহণ কৰিবলৈ অহা ভক্তপ্ৰান ৰাইজে কোৱামৰা গাঁৱক বৈকুণ্ঠ নগৰীত পৰিণত কৰে ৷
লগতে পঢ়ক – জামুগুৰিহাটৰ ধলাইবিল ৰেল ষ্টেচনৰ কাষত মহিলাৰ মৃতদেহ উদ্ধাৰ