কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তামুলীপথাৰত ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে সাত দিনীয়াকৈ বিহুনাচ, ঢোলবাদন, পেপাবাদন কৰ্মশালা অনুষ্ঠিত কৰা হ’ব।

অসমীয়া জাতিৰ জাতীয় সংস্কৃতি প্ৰকৃত ৰূপত ৰূপায়িত কৰি ৰখাৰ স্বাৰ্থত বিহুৰ চকীয়তা বজাই ৰাখি শুদ্ধ ৰূপত ৰূপায়িত কৰা মানসেৰে বৰুৱা-তামুলীপথাৰ নৰ্ত্তন একাডেমীৰ উদ্যোগত আৰু বৰুৱা তামুলীপথাৰ অৰুণোদয় সাংস্কৃতিক সমাজৰ সহযোগত অনুষ্ঠিত কৰা হ’ব উক্ত কৰ্মশালা।

জনপ্ৰিয় অভিনেত্ৰী, বিহুৰাণী মাধুৰীমা চৌধুৰী মুখ্য প্ৰশিক্ষক হিচাপে থাকিবলগীয়া বিহু কৰ্মশালাখনত ৰাজ্যৰ বহুকেইগৰাকী খ্যাতি সম্পন্ন জ্যেষ্ঠ বিহুৱা, ঢুলীয়া, পেপাবাদক, বাঁহীবাদক আদিয়ে প্ৰশিক্ষণ আগবঢ়াব বুলি জানিবলৈ দিছে বিহু কৰ্মশালা সমিতিৰ সভাপতি ব্ৰজেন বৰাই।

কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা সকলক ৭০০২৩২৩৩৭০, ৭০০২৮৯৪৬৪৭, ৮৬৩৮৩২১৪২৮ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনায়।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply