নিউজ ডেস্ক: দেওবাৰে চিবিআই ৫০ লাখ টকাৰ উৎকোচ গোচৰত গুৱাহাটী ৰে’লেৱেৰ অতিৰিক্ত বিভাগীয় ৰে’ল প্ৰৱন্ধকৰ (এডিআৰএম) লগতে ৭ জন বিষয়া, ঠিকাদাৰক আৰু গাড়ীচালকক গ্ৰেপ্তাৰ কৰে। 

এ ডি আৰ এম জীতেন্দ্ৰ পাল সিং, ঠিকাদাৰ শ্যামল কুমাৰ দে, বিষয়া হৰি ঔম, গাড়ী চালক যোগেন্দ্ৰ কুমাৰ সিং, হাৱালা গ্ৰুপৰ কেছিয়াৰ দিলাৱাৰ খান, হাৱালা দোকানৰ গৰাকী বিনোদ কুমাৰ সিংঘল, হাৱালা কেছিয়াৰ সঞ্জিত ৰায় এই ৭ জন অভিযুক্তক অভিযান কৰাত নগদ ৪৭ লাখ টকাৰ লগতে লেপটপ আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়। 

অভিযোগ অনুসৰি এডিআৰএম জনে ব্যক্তিগত ঠিকাদাৰসকলক ঠিকা প্ৰদান কৰা,  অমীমাংসিত বিলৰ বিৰুদ্ধে ধন মুকলি কৰা আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে (এনএফআৰ)ত চলি থকা নিৰ্মাণকাৰ্যৰ বাবে বেংক গেৰাণ্টি সোনকালে মুকলি কৰিছিল। 

তদুপৰি চিবিআই বিষয়াই জনোৱা অনুসৰি নিউ জলপাইগুৰিত এনএফআৰৰ নিৰ্মাণৰ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত গুৱাহাটীৰ এডিআৰএম গৰাকীয়ে ঠিকাদাৰৰ পৰা বিভিন্ন সময়ত সুবিধা গ্ৰহণ কৰি আহিছিল। 

উল্লেখযোগ্য যে, চিবিআই গুৱাহাটীৰ লগতে দিল্লী, নাৰোৰা, শিলিগুৰি আৰু আলিগড়টো দেওবাৰে হাৱালৰ অভিযোগত অভিযান চলায়।

লগতে পঢ়ক – নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply