নিউজ ডেস্ক: ২০০৬ চনৰ পৰা এতিয়ালৈ অসমৰ পৰা ৯৭ টা ঘৰচীয়া হাতী আন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে। বৃহস্পতিবাৰে, অসম বিধানসভাত এক লিখিত উত্তৰত ৰাজ্য চৰকাৰে এই তথ্য প্ৰকাশ কৰে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক লিখিত প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বিধানসভাক এই তথ্য সদৰী কৰি জনাই যে বন বিষয়াৰ অনুমোদন মৰ্মে হাতীসমূহ আন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল।
বহিঃ ৰাজ্যলৈ চালান দিয়া মুঠ ৯৭ টা হাতীৰ ৫৭ টা বিহাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু বাকীবিলাক পশ্চিমবংগ, উত্তৰ প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উৰিষ্যালৈ প্ৰেৰণ কৰা হয় বুলি তেওঁ কয়।
আন ৰাজ্যলৈ চালান দিয়া হাতীবিলাকৰ ভিতৰত কিছুমান ধৰ্মীয় অনুষ্ঠানলৈ গতাই দিয়াৰ বিপৰীতে সৰহ সংখ্যক হাতীৰ ক্ষেত্ৰতে কি কাৰণত অন্য ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে চৰকাৰৰ ওচৰত তাৰ কোনো তথ্য নাই বুলি বন মন্ত্ৰীয়ে জানিবলৈ দিয়ে।
তেওঁ লগতে জনাই যে চৰকাৰী হিচাপ মতে ডুমডুমা বন সংমণ্ডলৰ পৰা অধিক সংখ্যক হাতী আন ৰাজ্যলৈ চালান দিয়া হৈছে।
লগতে পঢ়ক – ৰাজ্যৰ ১৬০০তকৈ অধিক বিদ্যালয়ত নাই ছাত্ৰীৰ শৌচাগাৰ