ধেমাজি: ধেমাজি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ২ নং ভৰালীচুকত নীতি বহিৰ্ভূতভাৱে ARKA নামৰ সুৰাৰ বণ্ডেড ৱেৰহাউছ নিৰ্মাণক লৈ সদৌ টাই আহোম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

২ নং ভৰালী চুকস্থিত দাগ নং ৫৭৪ আৰু পটা নং ২২৩ত লক্ষীনাথ কোচ আৰু ফনীনদ্ৰ বৰুৱা নামৰ ব্যক্তি দুজনৰ ARKA Liquor Bonded Warehouse টো নীতি বহিৰ্ভূতভাৱে লাহিতলিত নিৰ্মাণ কৰা তথ্য পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি কোনো খেতিৰ মাটিত এনেধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণত বাধা আৰূপ কৰা আছে। তেনেস্থলত ২০২১ চনতে কিদৰে ধেমাজি পৌৰসভাই লাহিতলিত এনেধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে।

তথ্য অনুসৰি ধেমাজি পৌৰসভাই প্ৰতিষ্ঠানটোক ০৪/০১/২০২১ চনতে প্ৰদান কৰা অনুজ্ঞাপত্ৰ ৩১/০৩/২০২২ চনলৈহে আছিল, বৰ্তমান এই প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ আছে নাই সেয়াও ৰহস্যৰ বিষয়।

উক্ত প্ৰতিষ্ঠানটোৱে ২ নং ভৰালী চুকৰ মাত্ৰ ৩ জন ব্যক্তিৰ No Objection Certificate (NOC) ত স্বাক্ষৰ কৰি প্ৰতিষ্ঠানটো নিৰ্মাণ কৰা অভিযোগ উত্থাপন হোৱাত সদৌ টাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা তথ্য বিচাৰি আৱেদন কৰাত এই সমগ্ৰ তথ্য পোহৰলৈ আহে।

উক্ত তথ্য পোহৰলৈ অহা পিছতেই ধেমাজিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চাও মনোজ গগৈয়ে প্ৰতিষ্ঠানটো নিৰ্মাণ কাৰ্যক বিৰোধিতা কৰি বিভাগীয় কৰ্তৃপক্ষক বিষয়টোৰ তদন্ত কৰিবলৈ দাবী জনায়।

ধেমাজি নগৰত নৱগঠিত পৌৰসভাই নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা এনেধৰণৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব।

লগতে পঢ়ক – মই মৰি গ’লেও বিজেপিত যোগদান নকৰোঃ অখিল গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply