বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতত বানাক্ৰান্তৰ বাবে অহা চাউলৰ বৃহৎ কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত নিখিল ভাৰত কৃষৰ সভাই জিলা উপাযুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

সাংবাদিকৰ অনুসন্ধানত বোকাখাতত মহকুমা প্ৰশাসনৰ চূড়ান্ত দ্বায়িত্বহীনতাৰ বাবে জলসম্পদ বিভাগৰ গুদামত ৫০০ কুইন্টল চাউল নষ্ট হোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমগ্ৰ কাণ্ডৰ উচিত তদন্তৰ লগতে দ্বায়িত্বত নিয়োজিত বিষয়াক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত গোলাঘাটৰ জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে নিখিল ভাৰত কৃষক সভাৰ বোকাখাত শাখাই।

সংগঠনটোৰ ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক প্ৰণৱ দলেই উক্ত চাউল কেলেংকাৰীৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনোৱাৰ লগতে উক্ত কেলেংকাৰীত জড়িত বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা নল’লে ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

পূৰ্বতেও বোকাখাত মহকুমাৰ অন্তৰ্গত কেইবাখনো সমবায় সমিতিত ৰাজহুৱা চাউলৰ কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰালৈ সন্দেহৰ আঙুলি টোঁৱাই প্ৰণৱ দলেয়ে বোকাখাতক দুৰ্নীতি মুক্ত কৰাৰ ক্ষেত্ৰত সবল স্থিতি গ্ৰহণ কৰি জনতাৰ মাজত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বৰাক দাবী জনায়।

প্ৰনৱ দলেৰ লগতে সংগঠনটোৰ বোকাখাত শাখাৰ সম্পাদক ৰাজীৱ পেগু আৰু চোনিয়া মুণ্ডা স্বাক্ষৰিত উক্ত স্মাৰকপত্ৰ জিলা উপযুক্তলৈ প্ৰেৰণ কৰাৰ উপৰিও ইয়াৰ প্ৰতিলিপি মুখ্য মন্ত্ৰী ভিজিলেন্সৰ আৰক্ষী অধীক্ষক লগতে বোকাখাত মহকুমা আৰক্ষী বিষয়ালৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে ২০১৯ চনত বোকাখাত বিধানসভা সমষ্টিৰ বানপীড়িতৰ মাজত বিতৰণৰ বাবে ভাৰতীয় খাদ্য নিগমৰ পৰা ১০০০ কুইন্টল চাউল ক্ৰয় কৰি অনা হৈছিল। ইয়াৰে ৫০০কুইন্টল চাউল কিছু সংখ্যক বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিল যদিও ইতিমধ্যে আশ্ৰয় শিবিৰ ত্যাগ কৰা অধিক সংখ্যক বানাক্ৰান্তৰ মাজতেই বিতৰণ কৰিবলৈ থাকি গৈছিল উক্ত সাহাৰ্য্য। থাকি যোৱা ৫০০কুইন্টল চাউল বিতৰণৰ পৰিৱৰ্তে অনাৱশ্যকভাৱে মজুত ৰাখিলে জলসম্পদ বিভাগৰ গুদামত।

ইফালে বিগত তিনিবছৰে জনসাধাৰণক অন্ধকাৰত ৰাখি বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত জমা ৰখা প্ৰায় ১০লাখ টকা মুল্যৰ বৃহৎ পৰিমাণৰ চাউল  ইতিমধ্যেই মানুহতো বাদেই জীৱ-জন্তুৱেও খোৱাৰ অনুপযোগী হৈ পৰিছে।

উক্ত বৃহৎ পৰিমাণৰ চাউল বানাক্ৰান্তক প্ৰদান নকৰি কি কাৰণত এইদৰে গুদামত পেলাই ৰখা হ’ল সেই সন্দৰ্ভত দল-সংগঠন তথা সচেতন ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

লগতে পঢ়ক – কমাৰগাঁৱত ধনশিৰি নদীত মহিলাৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply