নিউজ ডেস্ক: নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক ‘গৰু’ আখ্যা অসম জাতিয় পৰিষদৰ নেতা দুলু আহমেদৰ। জয়ন্ত মল্লই ‘গৰু’ বিষয়ত ইংৰাজীত ৰচনা লিখিব নাজানে বুলি আহমেদে কটাক্ষ কৰে।

বৃহস্পতিবাৰে নলবাৰীত দলীয় প্ৰাৰ্থীৰ হৈ আগন্তুক পৌৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ আহি এখন সংবাদমেল সম্বোধন কৰি নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক আক্ৰমণ কৰাৰ লগতে বিধায়ক গৰাকীৰ বিৰুদ্ধে কটু সমালোচনা কৰে দুলু আহমেদে৷

আকৌ এখোপ আগুৱাই গৈ এইবাৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক ছিণ্ডিকেটৰ নায়ক আখ্যা দিলে দুলু আহমেদে। আহমেদৰ মতে ২০১৪ চনৰ পূৰ্বে জয়ন্ত মল্ল বৰুৱা আছিল ছিণ্ডিকেটৰ নায়ক৷

‘এতিয়া পিছে নিজকে ধোৱা তুলসীৰ পাত সজাব খুজিছে জয়ন্তই৷জয়ন্তই নিজকে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বুলি ভাবে৷সেয়ে লাহে লাহে নিজকে পৰৱৰ্তী মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিবলৈ লৈছে,’ দুলু আহমেদে কয়।

লগতে পঢ়ক – ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত নিহত ৰামেশ্বৰ ৰবিদাসৰ পৰিয়ালৰ এজাহাৰ দাখিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply