সোণাৰি: সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় মহিলা সমিতিৰ লোকে কাকতিবাৰী আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

সোণাৰিৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ আক্ৰমণকাৰীক কঠোৰতম শাস্তি বিহাৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। ঘটনা অনুসৰি আজি পুৱা চন্দন গগৈৰ ওপৰত ভূপেন বৰগোহাঁই নামৰ এজন লোকে দাৰে ঘপিয়াই আক্ৰমণ কৰিছিল।

কাকতিবাৰী আৰক্ষীৰ গাফিলতিৰ বাবেই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

মন কৰিবলগীয়া যে যোৱা ২১ মাৰ্চত সোণাৰি কাকতিবাৰীৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ ফলত প্ৰায় চল্লিশ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱাৰ লগতে বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মিভূত হৈছিল।

ইফালে এই ঘটনাৰ তদন্ত সম্পূৰ্ণ নৌহওঁতেই আজি পুনৰ গগৈৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

আজি ৰাতিপুৱা সংঘটিত এই আক্ৰমণৰ ঘটনাৰ পাছতে কাকতিবাৰী আৰক্ষীয়ে অভিযুক্ত ভূপেন বৰগোহাঁই আৰু তেওঁৰ পুত্ৰ সঞ্জীৱ বৰগোহাঁইক আটক কৰি কাকতিবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক – গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি ওলাইছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply