লখিমপুৰ, পল্লৱ মিলি: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে লক্ষীমপুৰতো আজি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
পৌৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু দাবীসমূহ পূৰণ কৰাৰ দাবীৰে জিলা পৌৰসভা কাৰ্য্যালয়ৰ সন্মুখত পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে।
প্ৰতিবাদকাৰীসকলে পৌৰসভা ভেদে পৌৰ কৰ্মচাৰীসকলৰ বিগত ৬ মাহৰ পৰা সুদীর্ঘ ৩৭ মাহ পর্যন্ত অনাদায় হৈ থকা দৰমহা শীঘ্ৰে আদায় দিয়া, মাহৰ শেষত কৰ্মচাৰীসকলৰ দৰমহা আদায়ৰ নিশ্চিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।
ইয়াৰ উপৰি ৰাজ্য চৰকাৰে ২০২১ চনৰ ৩১ মে’ত জাৰি কৰা গেজেট নোটিফিকেচন “Assam Municipal Employees Act 2021” মর্মে ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰা তথা পৌৰসভা সমূহত কৰ্মৰত হৰিজন আৰু চাফাই কৰ্মচাৰীসকলৰ দৰমহাৰ নিয়মীয়া কৰা একাধিক দাবী উত্থাপন কৰে পৌৰকৰ্মীসকলে।
লগতে পঢ়ক – মেঘালয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পিছত ইন্ধন পৰিবহণৰ সিদ্ধান্ত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ