নিউজ ডেস্ক: শুকুৰবাৰে দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিত বিভাগীয় মন্ত্ৰী যোগেন মোহনৰ। মন্ত্ৰীজনে মিছন বসুন্ধাৰৰ অধীনত চলি থকা কাম-কাজৰ বুজ লয়।
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী মোহনে ৰাজহ চক্ৰ বিষয়া, লাট মণ্ডল তথা প্ৰতিজন বিষয়াক লগত লৈ আলোচনা কৰে।
উল্লেখযোগ্য যে সমগ্ৰহ অসমত মিছন বসুন্ধৰাৰ অধীনত ৮ লাখ আৱেদন পৰিছে। ইয়াৰে দিচপুৰ ৰাজহ চক্ৰ কাৰ্যালয়তে সৰ্বাধিক ১০,০৭৪ টা আৱেদন আৱেদন পৰিছে।
অহা ১০ মে’ৰ ভিতৰত মিছন বসুন্ধৰাৰ অধীনত সকলো কাম সম্পূৰ্ণ হ’ব বুলি ৰাজহ মন্ত্ৰী যোগেন মহন উল্লেখ কৰে। প্ৰয়োজনীয় কম্পিউটাৰ চালক তথা বাহন সম্পূৰ্ণ যোগান ধৰা হ’ব বুলিও তেওঁ কয়।
ইফালে চৰকাৰী ভূমি দখল কৰি থকা সকলক সকীয়নি দি মন্ত্ৰী মহনে দখলকাৰী সকলক উচ্ছোদ কৰি সেই ভূমি অনুষ্ঠান-প্ৰতিষ্ঠান তথা ভূমিহিনক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক –