কমাৰগাঁও, চন্দন বৰা: দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনতেই কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ কমাৰগাঁৱত এটা ঐতিহাসিক পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে।
প্ৰায় ৭ কোটি টকা ব্যয় সাপেক্ষ ২০২১ বৰ্ষত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মহুৰামুখলৈকে প্ৰায় পাঁচ কিলোমিটাৰ পথটো ঠায়ে ঠায়ে বহি যোৱাৰ উপৰিও বিভিন্ন স্থানত বখলা বখলে এৰিবলৈ ধৰিছে।
ঐতিহাসিক পথটো এইদৰে ফাটি বহি যোৱাৰ লগতে বখলা বখলে এৰি অহাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতিৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে কমাৰগাঁও আঞ্চলিক চুতিয়া ছাত্ৰ সন্থাই।
এচিয়া মহাদেশৰ ভিতৰত পোন পথ হিচাপে চিহ্নিত এই পথটো পোন প্ৰথমে নিৰ্মাণ কৰিছিল প্ৰথম গৰাকী মহিলা ঠিকাদাৰ তথা শিল্পী মোহিনী ৰাজকুমাৰীয়ে।
বোকাখাত মহকুমাৰ গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া আৰু ঠিকাদাৰ মিতিৰালি বাবে ঐতিহাসিক পথটো কম সময়তে জৰাজীৰ্ণ পথত পৰিণত ক্ষোভ প্ৰকাশ কৰি গড়কাপ্তানী বিভাগ তথা জনৈক আগৰৱালা উপাধিৰ ঠিকাদাৰ গৰাকীয়ে শিল্পী মোহিনী ৰাজকুমাৰীক চৰম অপমান কৰিছে বুলি কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই অভিযোগ কৰে।
আনহাতে ঠিকাদাৰ মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাই শীঘ্ৰেই উক্ত পথটো পুনৰ নিৰ্মাণ কৰিবলৈ গড়কাপ্তানী বিভাগক দাবী জনায়। তদুপৰি গড়কাপ্তানী বিভাগৰ দায়িত্ব থকা মুখ্য মন্ত্ৰীক দুৰ্নীতিৰ তদন্ত কৰিবলৈ আহ্বান কমাৰগাঁও কমাৰগাঁও আৰু মহুৰামুখৰ বিভিন্ন দল সংগঠন।
ইতিহাস বিজৰিত পথটো শীঘ্ৰেই মেৰামতি নকৰিলে মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।
লগতে পঢ়ক – সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ