কোকৰাঝাৰ: কোকৰাঝাৰত তিনিজন নাবালকৰ বিৰুদ্ধে দুগৰাকী নাবালিকাৰ ওপৰক যৌন নিৰ্যাতন আৰু প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰাপ্ত তথ্য মতে যোৱা শুকুৰবাৰৰ পৰা কোকৰাঝাৰৰ দুগৰাকী নাবালিকা নিজৰ ঘৰৰ পৰা সমীপৰ বজাৰলৈ ওলাই যোৱাৰে পৰা সন্ধানহীন হৈ আছিল। পিছত দুয়ো গৰাকী কিশোৰীৰ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাত তেওঁলোকক এখন কোকৰাঝাৰ নগৰৰ সমীপৰ এখন বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ আগত কিশোৰী দুগৰাকীয়ে তিনিজন কিশোৰে তেওঁলোকক বলপূৰ্বকভাৱে হাবিৰ মাজলৈ নি প্ৰথমে মাৰপিট কৰি পিছত যৌন নিৰ্যাতন চলাই বুলি কয় বুলি জানিবলৈ দিয়ে।
অৱশ্যে ঘটনা সম্পৰ্কে আৰক্ষী এতিয়াও নিশ্চিত হোৱা নাই আৰু, দুয়োগৰাকী নাবালিকাৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে আৰক্ষী এই সম্পৰ্কে নিশ্চিত হ’ব পাৰিব।
ইপিনে নাবালিকা দুগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে কিশোৰী দুগৰাকীক তিনিজন ল’ৰাই অপহৰণ কৰি প্ৰথমে ড্ৰাগছ সেৱন কৰাই তাৰ পিছত ধৰ্ষণ কৰা বুলি অভিযোগ তুলিছে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত চলাই আছে।
লগতে পঢ়ক –