মঙলদৈ, প্ৰবীণ বৰুৱা: বিতৰ্কই যেন লগ নেৰিব মঙলদৈ অসামৰিক চিকিৎসালয়ক। দৰং জিলাৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়, মঙলদৈ অসামৰিক চিকিৎসালয়ত এটাৰ পিছত আন এটা বিতৰ্ক যেন এতিয়া নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে।

অসামৰিক চিকিৎসালয়খনত এইবাৰ বদলিত অহা চিকিৎসকক যোগদানত বাধা দিয়াৰ অভিযোগ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ধূলা হত্যকাণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ ভুল তথ্য দি নিলম্বন হৈছিল চিকিৎসালয়খনৰ তিনি চিকিৎসক ক্ৰমে অনুপম শৰ্মা, অজন্তা বৰদলৈ আৰু অৰুণ ডেকা।

তিনিগৰাকীকৈ চিকিৎসকৰ নিলম্বনে চিকিৎসালয়খনত ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি কৰিছিল। আনকি এনেসথেচিয়া, চাৰ্জাৰী বিভাগৰ চিকিৎসকৰ অভাৱত প্ৰায় ১৫ দিন চিকিৎসালয়খনত সাধাৰণ ৰোগীৰ অস্ত্ৰোপচাৰ বন্ধ হৈ আছে।

এই তিনি চিকিৎসকৰ স্থানত যোৱা ২৮ নৱেম্বৰত স্বাস্থ্য বিভাগে বিজয় কুমাৰ ভট্টাচাৰ্য আৰু নৃপেন কুমাৰ নামৰ দুগৰাকী চিকিৎসকক যোগদানৰ নিৰ্দেশ দিয়ে। কিন্তু এক অজ্ঞাত কাৰণত বৰ্তমানলৈকে দুয়োগৰাকী চিকিৎসকক দায়িত্ব অৰ্পণ কৰা হোৱা নাই।

ইমানৰ পিছতো বদলি হৈ অহা দুই চিকিৎসকক দায়িত্ব অৰ্পণ নকৰা বিষয়টোকলৈ কিবা ৰহস্য লুকাই থকাৰ সন্দেহ ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ সন্থাই।

আনফালে যুতীয়া স্বাস্থ্য সঞ্চালকে বিষয়টো বিভাগত অৱগত কৰি আহিছে বুলি মন্তব্য আগবঢ়ায়।

লগতে পঢ়ক – পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত আটক এজনক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply