গুৱাহাটী: মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানমৰ্মে মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰ’ল আৰু ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি বিজেপিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ দলৰ নেতা সকলে।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি হায় হায়, নৰেন্দ্ৰ মোদীৰ চৰকাৰ গ’ বেক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ্য যে প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাই থাকৰ লগতে ৰন্ধন গেছ আৰু অন্যান্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে।

লগতে পঢ়ক – বোকাখাত জাতীয় বিদ্যালয়ত বিনামূলীয়া কেৰিয়াৰ কাউঞ্চেলিঙৰ ব্যৱস্থা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply