নিউজ ডেস্ক: শনিবাৰে অনুষ্ঠিত অসম চৰকাৰৰ এক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অসম চৰকাৰে শনিবাৰে গ্ৰহণ কৰা এক কেবিনেট সিদ্ধান্ত মৰ্মে ৰাজ্যত কাঠভিত্তিক উদ্যোগৰ প্ৰসাৰৰ উদ্দেশ্যে অসম কাঠভিত্তিক উদ্যোগ (প্ৰসাৰ আৰু উন্নয়ন) নিয়মাৱলী, ২০২২ত অনুমোদন জনোৱা হয়।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অনুমোদন জনোৱা উক্ত নিয়মাৱলীৰ অধীনত কাঠভিত্তিক উদ্যোগক প্রাথমিক, আনুসংগিক আৰু সংমিশ্রিত উদ্যোগ হিচাপে শ্রেণীভুক্ত কৰা হ’ব।   

টুইট কৰি মুখ্য মন্ত্ৰীয়ে এই কথা সদৰী কৰে।

আনহাতে, দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে যোগ্য অধিকাৰীসকলক ভূমি প্ৰদানপ বাবে বিভিন্ন পদক্ষেপক অনুমোদন জনায়।

আনহাতে, মিছন বসুন্ধৰাক অধিক ফলপ্ৰসু কৰাৰ উদ্দেশ্যে চৰকাৰে ভূমি নীতি, ২০১৯ সংশোধনক অনুমোদন জনায়। তদুপৰি মিছন ৰূপায়ণৰ বাবে ৩২৮.১৯ কোটি টকাৰ অনুমোদন জনোৱা হয়।

ইয়াৰ উপৰি শনিবাৰে বহা কেবিনেট বৈঠকত ভূজেলসকলক অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত নেপালী জনগোষ্ঠীৰ উপ-জাতি হিচাপে স্বীকৃতি দিয়া হ’ব বুলি ঘোষণা কৰা হয়।

লগতে পঢ়ক – আইমী বৰুৱাৰ ‘ছেমখৰ’ৰ বিৰুদ্ধে গুৱাহাটীত সাংস্কৃতিক কৰ্মী, বুদ্ধিজীৱী, সচেতন ৰাইজ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply