নিউজ ডেস্ক: দেওবাৰে শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰত ঘটা এক নাও দুৰ্ঘটনাৰ ফলত ভাৰতীয় সেনাৰ এজন জোৱান সন্ধানহীন হৈ থকাৰ খবৰ পোহৰলৈ আহিছে।
সোমবাৰে সেনাৰ এগৰাকী বিষয়াই জনোৱা মতে, দেওবাৰে সন্ধিয়া শোণিতপুৰৰ শলমাৰাত ব্ৰহ্মপুত্ৰ নদীত তিনিজন সেনা জোৱানে এখন নাও চলাই থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
ইয়াৰে নাওখনত থকা আন দুজন সেনা জোৱানে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও অনিল কুমাৰ নামৰ জোৱানজনৰ এই পৰ্যন্ত কোনো সন্ধান ওলোৱা নাই বুলি সেনা বিষয়া গৰাকীয়ে জনায়।
অনিল কুমাৰ ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছ এগৰাকী ক্লাৰ্ক বুলি জানিব পৰা গৈছে। নিখোজ জোৱানজনক সন্ধানত এন ডি আৰ এফৰ এটা দলে অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক – বৰপেটাত ‘জেহাদী’ৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ