নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগী সাকাৰ কৰাৰ অৰ্থে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। উত্তৰ-পূবত সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰাৰ বাবে মোদী চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে এই গুৰুত্বপূৰ্ণ চুক্তিখনত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় আইন মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় গৃহ সচিব আৰু কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াবৰ্গও উক্ত অনুষ্ঠানটোত উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি আমি সকলোৱে উত্তৰ-পূবৰ এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছোঁ, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত কেইবা দশক ধৰি অমীমাংসিত হৈ ৰোৱা সীমান্ত বিবাদ আজি সম্পূৰ্ণৰূপে সমাধান হ’ল। তেওঁ কয় যে এই বিবাদ সন্দৰ্ভত স্থানীয় আয়োগে আগবঢ়োৱা প্ৰতিবেদন কেইবা দশক পৰি আছে, যি আজি দুয়োখন ৰাজ্যই গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে কয় যে আজিৰ চুক্তিখন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত, শান্তিপূৰ্ণ আৰু সংঘাতমুক্ত উত্তৰ-পূবৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।

অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৮ চনৰ পৰা ভাৰত চৰকাৰে উত্তৰ-পূবত শান্তি স্থাপন আৰু হিংসা নিৰ্মূলৰ বাবে বি আৰ ইউ, এনএলএফটি, কাৰ্বি আংলং, জনজাতীয় শান্তি চুক্তিকে ধৰি কেইবাখনো চুক্তি স্বাক্ষৰ কৰিছে। তেওঁ কয় যে এই চুক্তিসমূহৰ ফলত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ এক নতুন পৰিৱেশে বিৰাজ কৰিছে। এতিয়ালৈকে ৮০০০তকৈও অধিক সশস্ত্ৰ যুৱক-যুৱতীয়ে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিত যোগদান কৰিছে। শ্ৰী শ্বাহে কয় যে ২০১৪ চনৰ তুলনাত হিংসাত্মক ঘটনা ৬৭ শতাংশ হ্ৰাস পাইছে, নিৰাপত্তা বাহিনীৰ মৃত্যুৰ সংখ্যা ৬০ শতাংশ হ্ৰাস পাইছে আৰু উত্তৰ-পূৰ্বাঞ্চলত অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা ৮৩ শতাংশ হ্ৰাস পাইছে, যিটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ এক বৃহত্ সাফল্য। তেওঁ আৰু কয় যে মোদী চৰকাৰে উত্তৰ-পূবৰ বহু ঠাইৰ পৰা AFSPA প্ৰত্যাহাৰ কৰিছে। অসমৰ ৭০% আৰক্ষী থানা, মণিপুৰৰ ৬ খন জিলাৰ ১৫ খন আৰক্ষী থানা, অৰুণাচল প্ৰদেশৰ ৩খন জিলাৰ বাহিৰে সকলো জিলা, নাগালেণ্ডৰ ৭খন জিলা আৰু ত্ৰিপুৰা আৰু মেঘালয় এতিয়া সম্পূৰ্ণৰূপে AFSPAৰ পৰা মুক্ত।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰৰ প্ৰচেষ্টাৰ ফলত আজি সমগ্ৰ উত্তৰ-পূবত সৰ্বাংগীণ বিকাশ পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ অঞ্চল প্ৰগতিৰ পথত আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই ৫০ বাৰতকৈও অধিকবাৰ এই অঞ্চল ভ্ৰমণ কৰিছে আৰু সদায় ইয়াৰ ভাষা, সংস্কৃতি, সাহিত্য, সাজ-পোছাক আৰু খাদ্যক প্ৰোত্সাহিত কৰি আহিছে। তেওঁ কয় যে শেহতীয়াকৈ বিহু উৎসৱৰ সময়ত বিশ্ব অভিলেখ গঢ়া অসমৰ বিহু নৃত্য প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক বিশ্ব বিখ্যাত কৰি তুলিছে। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ পিছতেই ওৰ পৰিব লগা এই সীমা বিবাদ এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমাধান কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ হৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণক অভিনন্দন জনাই শ্ৰী শ্বাহে কয় যে আজিৰ চুক্তিখন দুয়োখন ৰাজ্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে শুভ প্ৰমাণিত হ’ব আৰু এই চুক্তিয়ে উন্নয়নৰ নতুন পথ মুকলি কৰিব।

দীৰ্ঘদিনধৰি চলি থকা সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ প্ৰচেষ্টাক প্ৰশংসা কৰে শ্ৰী অমিত শ্বাহে। তেওঁ কয় যে দুয়োখন ৰাজ্যই বিবাদ নিষ্পত্তিৰ বাবে এখন আঞ্চলিক সমিতি গঠন কৰিছিল, সাধাৰণ লোকৰ সৈতে কথা পাতিছিল আৰু সকলোকে এই প্ৰচেষ্টাত অন্তৰ্ভুক্ত কৰাৰ বাবে কাম কৰিছিল।

দুয়োখন ৰাজ্যৰ মাজত সীমান্তৰ ১২৩ খন গাওঁ সম্পৰ্কীয় বিবাদৰ সমাপ্তি ঘটাবলগীয়া আজিৰ এই চুক্তি ঐতিহাসিক দৃষ্টিভংগী, জনগাঁথনিগত প্ৰ’ফাইল, প্ৰশাসনিক সুবিধা, সীমান্তৰ ওচৰত থকা আৰু আৱাসীসকলৰ আশা-আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। এই চুক্তিৰ অধীনত, দুয়োখন ৰাজ্য চৰকাৰে সন্মত হৈছে যে এই ১২৩খন বিতৰ্কিত গাঁও সন্দৰ্ভত এই চুক্তি চূড়ান্ত হ’ব আৰু দুয়োখন ৰাজ্যই ভৱিষ্যতে কোনো অঞ্চল বা গাওঁ সম্পৰ্কীয় কোনো নতুন দাবী উথ্থাপন কৰিব নোৱাৰিব। চুক্তিৰ পিছত, দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিবলৈ দুয়োখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত ছাৰ্ভে অৱ ইণ্ডিয়াৰ দ্বাৰা এক বিতং জৰীপ কৰা হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগিতাৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তিৰ বাবে সদায়ে সূত্ৰধাৰ হিচাপে কাম কৰি আহিছে। মোদী চৰকাৰৰ প্ৰচেষ্টাত, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আজিৰ গুৰুত্বপূৰ্ণ চুক্তিখন সহযোগিতামূলক ফেডাৰেলিজমৰ এক সফল উদাহৰণ আৰু ই আন ৰাজ্যসমূহৰ মাজত সীমা বিবাদ সমাধানৰ বাবে এক ৰোডমেপ প্ৰদান কৰিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২২ চনৰ মাৰ্চ মাহত অসম আৰু মেঘালয় চৰকাৰে মিলি ৫০ বছৰ পুৰণি অমীমাংসিত সীমান্ত বিবাদ সমাধানৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক পৰীক্ষা আৰু বিবেচনাৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৩১ জানুৱাৰীত অমিত শ্বাহৰ ওচৰত এখন খচৰা প্ৰস্তাৱ দাখিল কৰাৰ দুমাহ পিছত অসম আৰু মেঘালয়ৰ মাজত চুক্তিখন স্বাক্ষৰিত হৈছিল।

লগতে পঢ়ক – নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আমি ২০৪৭ চনৰ ভিতৰত ড্ৰাগছমুক্ত ভাৰত গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ: অমিত শ্বাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply