নগাঁও, আদিল শ্বাহ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটকক লৈ চলি থকা শেহতীয়া বিতৰ্কৰ মাজতে আজি নগাঁৱত অসম নাট্য সন্মিলনে এক সংবাদমেল যোগে বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

সংবাদমেল যোগে নগাঁৱৰ নাট্য সন্মিলনে অভিজিত ভট্টাচাৰ্য্যৰ লভিতা নাটকখন সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায়।

তদুপৰি অনাগত দিনত আৱাহন থিয়েটাৰে নগাঁৱত কোনো কাৰণতেই ৰূপকোঁৱৰৰ নাটক লভিতা বিকৃতকৰণ কৰি মঞ্চস্থ কৰিব নোৱাৰিব বুলি মন্তব্য কৰে।

যদিহে আৱাহান থিয়েটাৰে নাটকখন মঞ্চস্থ কৰে তেনেহলে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ বাবে দায়ী কেৱল থিয়েটাৰ গোষ্ঠী হ’ব বুলি লগতে স্পষ্ট কৰি দিয়ে।

“জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতা নাটকক বিকৃত কৰি অকল নামটো সলাই নগাঁৱত চলাব নোৱাৰিব,’’ সংবাদমেলত কোৱা হয়।

লগতে পঢ়ক – বৰষুণ, ভূমিস্খলনৰ ফলত কাচাৰ, ডিমা হাচাওত বিঘ্নিত ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply