বোকাখাত, উত্তম কুমাৰ শৰ্মা: আজি ‘আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস’, এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি দেওবাৰে বোকাখাতৰ লখৌজান চাহ বাগিচাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় শ্ৰমিক দিৱস।

বাগিচাখনৰ শ্ৰমিক প্ৰেক্ষাগৃহত অসম চাহ মজদুৰ সংঘৰ লখৌজান চাহ বাগিচা সংঘৰ উদ্যোগত আৰু বোকাখাত শাখা সংঘ তথা বাগিচা শ্ৰমিক ৰাইজৰ সহযোগত উদযাপন কৰা হয় এই আন্তৰ্জাতিক শ্ৰমিক দিৱস।

এই উপলক্ষে পুৱা পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পন তথা শোভাযাত্ৰাৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখৌজান চাহ বাগিচাৰ পৰিচালক মুকুট হাজৰিকা ,সহ পৰিচালক অভিষেক ৰাওৰ লগতে লখৌজান  চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰভাত শৰ্মা আৰু বিশিষ্ট সমাজ কৰ্মী শান্থাৰাম টেলেঙা। লগতে অনুষ্ঠানটোত উপস্থিত থাকে বাগিচা সংঘৰ সভাপতি আশীষ বাউৰী,  উপসভাপতি প্ৰভাত নাহক , সম্পাদক লছমন বাউৰীৰ লগতে শতাধিক চাহ শ্ৰমিক ৰাইজ।

উল্লেখযোগ্য যে  কঠোৰ পৰিশ্ৰমেৰে দেশ তথা ৰাজ্যৰ প্ৰগতি সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি অহা প্ৰতিগৰাকী মেহনতি জনগণ তথা শ্ৰমিকলৈ শ্ৰমিক দিৱসৰ দিনা  শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে  কৰ্মনিষ্ঠাৰ জৰিয়তে দেশৰ সৰ্বাংগীণ বিকাশৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত মুৰৰ ঘাম মাটিত পেলোৱা প্ৰতি গৰাকী শ্ৰমিক তথা কৃষকৰ পৰিশ্ৰমৰ প্ৰতি উচিত সন্মান জনাবলৈ চৰকাৰলৈ আহ্বান জনায় অসম চাহ মজদুৰ সংঘৰ লখৌজান চাহ বাগিচা সংঘৰ উপসভাপতি প্ৰভাত নাহকে।

লগতে পঢ়ক – মঙলদৈত ভূমাফিয়াৰ দপদপনি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply